অসম

assam

ডিজিপি কাৰ্যালয়ত উপস্থিত পলাতক সঞ্জিত কৃষ্ণ

By

Published : Oct 15, 2020, 2:08 PM IST

মহানগৰীৰ উলুবাৰীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত বৃহস্পতিবাৰে দুপৰীয়া উপস্থিত হৈছে আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণ ৷ আৰক্ষী অধীক্ষকগৰাকী যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷

sanjit krishna is at dgp office guwahati assam etv bharat news
সঞ্জিত কৃষ্ণ

গুৱাহাটী,15 অক্টোবৰ: যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাই পৰা পলাতক আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণ । ইতিমধ্যে চিআইডিয়ে কৃষ্ণৰ বাসভৱনত অভিযান চলাই ম’বাইল ফোনকে ধৰি বহু নথি-পত্ৰ জব্দ কৰিছিল যদিও ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছিল কুমাৰ সঞ্জীত কৃষ্ণ ।

অৱশেষত বৃহস্পতিবাৰে দুপৰীয়া এইগৰাকী পলাতক আৰক্ষী অধীক্ষক আহি উপস্থিত হয় মহানগৰীৰ উলুবাৰীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত । একে সময়তে চিআইডিৰ এটা দলেও অৱস্থান কৰে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ বাহিৰত । গতিকে ঘটনাৰ গতিবিধিলৈ চাই অনুমান কৰিব পাৰি যে যিকোনো মুহুৰ্ততে এইগৰাকী আৰক্ষী অধীক্ষক গ্ৰেপ্তাৰ হোৱাটো প্ৰায় নিশ্চিত ৷

লগতে চাওকঃডিগবৈত বন্যহস্তীয়ে গচকি প্ৰাণ ল’লে অইলৰ কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details