অসম

assam

By

Published : Jun 11, 2020, 5:58 PM IST

ETV Bharat / state

যোৰাবাটত মহিলাৰ মাজত ছেনিটাৰী সামগ্ৰী বিতৰণ

বেটি বচাও বেটি পঢ়াওক অভিযানৰ অধীনত যোৰাবাটৰ আমচিং গাঁৱত যুৱতীসকলৰ মাজত ছেনিটাৰী সামগ্ৰী বিতৰণ কৰা হয়। যুৱতী-মহিলাসকলক সমাজত আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

Sanitary napkin distribute in Guwhati jorabat area
Sanitary napkin distribute in Guwhati jorabat area

গুৱাহাটী, ১১ জুন : কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত যোৰাবাটৰ আমচিং গাঁৱত বৃহস্পতিবাৰে বেটি বচাও বেটি পঢ়াওক অভিযানৰ অধীনত জিলা প্ৰশাসনে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে। দৰিদ্ৰ যুৱতী-মহিলা সকলক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই অনুষ্ঠানটিৰ ৷ এই অনুষ্ঠানত দৰিদ্ৰ পৰিয়ালৰ যুৱতীসকলৰ মাজত ছেনিটাৰী সামগ্ৰী বিতৰণ কৰা হয়।

বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত যোৰাবাটত মহিলাৰ মাজত ছেনিটাৰী সামগ্ৰী বিতৰণ

আনকি কৰ'ণা মহামাৰীৰ এই জটিল সময়ছোৱাত মহিলাসকলে কি ধৰণে সতৰ্কতা অৱলম্বন কৰিব তাৰ বিষয়ে মহিলা সকলক বিষদভাবে জনোৱা হয়।উল্লেখযোগ্য যে, যুৱতী-মহিলাসকলক সমাজত আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। প্ৰতিদিনেই ভিতৰুৱা অঞ্চলত আয়োজন কৰা হয় এই সজাগতামূলক অনুষ্ঠানৰ ।

বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত যোৰাবাটত মহিলাৰ মাজত ছেনিটাৰী সামগ্ৰী বিতৰণ
বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত যোৰাবাটত মহিলাৰ মাজত ছেনিটাৰী সামগ্ৰী বিতৰণ

লগতে পঢ়ক : ছয়গাঁৱত স্বাস্থ্যকৰ্মীৰ দেহত কৰ’ণা ভাইৰাছ

ABOUT THE AUTHOR

...view details