গুৱাহাটী, ৭ মে : শনিবাৰে নিশা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰৰ পিচতে পোহৰলৈ আহিছে ন ন তথ্য (Sangeeta Dutta arrested)। আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ডঃ সংগীতা দত্তৰ । দত্তই আৰক্ষীক কয় যে, দুয়োটা সন্তানেই তেওঁলোকৰ সন্তান নহয় ৷
২০১৯ চনত কণমানি শিশুটিক নিজ বাসগৃহলৈ আনিছিল আনিছিল সংগীতা দত্তই (Sangeeta Dutta explosive confession) ৷ IVF বিফল হোৱাত এগৰাকী মহিলাই অন্য ক’ৰবাৰ পৰা যমজ সন্তান দুটা আনি ডাঃ সংগীতাৰ হাতত তুলি দিছিল ৷ শিশু দুটিৰ পিতৃ-মাতৃৰ পৰিচয় নাজানো বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে সংগীতা দত্তই (Allegation against Doctor couple to abuse child)। কণমানি শিশুক যৌন পুতলা হিচাপে ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছিল চিকিৎসক দম্পতীৰ বিৰুদ্ধে ।
উল্লেখ্য যে, শুকুৰবাৰে নিজ ঘৰৰ ছাদত সংগীতা দত্তৰ তোলনীয়া কন্যাক বান্ধি থোৱা অৱস্থাত ওচৰ চুবুৰীয়াই ফটো তুলি সামাজিক মাধ্যমক পোষ্ট কৰিছিল ৷ উল্লেখ কৰা হৈছিল সেই ঘটনা কেৱল এদিনেই নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ শিশুটিক চিকিৎসক দম্পতীয়ে কামলৈ যোৱাৰ সময়ত বান্ধি থৈ গৈছিল ৷ তাৰ পিচতে এই ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছিল ৷ পল্টন বজাৰ আৰক্ষীয়ে চাইল্ডলাইনৰ সহযোগত শুকুৰবাৰে শিশুটিক উদ্ধাৰ কৰাৰ পিচতে শিশুটিয়েও চিকিৎসক পিতৃ-মাতৃয়ে ঘৰৰ ছাদত বান্ধি থোৱা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল (Accused Doctor assault minor daughter) ৷
তাৰ পাচতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৭/৩২৫/ ৩৪১/৩৪ আৰু কিশোৰ ন্যায় আইনৰ ৭৫ ধাৰাৰ অধীনত ১৯৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি ডাঃ ৱালিউল ইছলামক আটক কৰি জেৰা চলায় ৷ শনিবাৰে চিকিৎসক ৱালিউল ইছলামক আৰক্ষীয়ে আদালতত হাজিৰ কৰি ৫ দিনৰ জিম্মাত লয় (Doctor Couple arrested)।