অসম

assam

By

Published : Oct 25, 2020, 5:37 PM IST

ETV Bharat / state

চণ্ডিকা মন্দিৰৰ 108 ঘটৰ পূজা

শ্ৰীশ্ৰীদুৰ্গা চণ্ডিকা মন্দিৰৰ বিশেষত্ব হৈছে বিগত 27 বছৰে নিৰন্তৰভাৱে প্ৰজ্বলিত হৈ থকা এগছি অক্ষয় বন্তি ৷ প্ৰবাদ অনুসৰি, এই বিশেষ চাকিগছত একান্ত চিত্তে কোনোৱে তেল ঢালি সেৱা আগবঢ়ালে মনোবাঞ্চা পূৰণ হয় ৷

Sandika Mandir puja celebration guwahati assam etv bharat news
চণ্ডিকা মন্দিৰ

গুৱাহাটী,25 অক্টোবৰ: মহানগৰীস্থিত ঐতিহাসিক শ্ৰীদুৰ্গা চণ্ডিকা মন্দিৰ ৷ 1993 চনত প্ৰতিষ্ঠা লাভ কৰিছিল এই দুৰ্গা মন্দিৰে ৷ মন্দিৰটো প্ৰতিষ্ঠা হোৱাৰ প্ৰায় 14 বছৰ পিছত অৰ্থাৎ 2007 চনৰ পৰা স্থায়ী মন্দিৰ আৰু প্ৰতিমাত অনুষ্ঠিত হৈ আহিছে দুৰ্গা পূজা ৷ এইবেলি মন্দিৰটোৱে অতিক্ৰম কৰিলে 27 বছৰীয়া পৰিক্ৰমা ৷

উল্লেখ্য যে, শ্ৰীশ্ৰীদুৰ্গা চণ্ডিকা মন্দিৰৰ বিশেষত্ব হৈছে বিগত 27 বছৰে নিৰন্তৰভাৱে প্ৰজ্বলিত হৈ থকা এগছি অক্ষয় বন্তি ৷ প্ৰবাদ অনুসৰি, এই বিশেষ চাকিগছত একান্ত চিত্তে কোনোৱে তেল ঢালি সেৱা আগবঢ়ালে মনোবাঞ্চা পূৰণ হয় ৷ তদুপৰি মন্দিৰটোত 108 টা ঘট স্থাপন কৰি পূজা সমাপন কৰা হয় ৷ লগতে মা দুৰ্গাৰ পূজাৰ বাবে আগবঢ়োৱা হয় 11 হাজাৰ পদুমৰ কলি ৷ এইবাৰো এই নিয়মৰ ব্যতিক্ৰম হোৱা নাই ৷

দুৰ্গা চণ্ডিকা মন্দিৰৰ দুৰ্গা পূজা

আনহাতে, বলি বিধানত বিশ্বাস নকৰে মন্দিৰ কৰ্তৃপক্ষই ৷ বলি বিধানৰ পৰিৱৰ্তে সম্পূৰ্ণ আধ্যাত্মিকতাৰে 108 টা ঘটৰ পূজা কৰা হয় এই চণ্ডিকা মন্দিৰত ৷

লগতে চাওকঃঐতিয্যমণ্ডিত নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নৱমী পূজা আৰম্ভ

ABOUT THE AUTHOR

...view details