গুৱাহাটী , 9 ডিচেম্বৰঃ সোমবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত ছহিদ ন্যাসৰ সমুখত কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী , মুখ্যমন্ত্ৰী তাথা ৰাজ্যৰ বিত্ত মন্ত্ৰীৰ প্ৰতিমূৰ্তি ৰাজপথেৰে চোঁচোৰাই নি ফাঁচীকাঠত ওলোমাই ক্ষোভ উজাৰে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷
ৰাজপথেৰে চোঁচোৰাই নি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তিক ফাঁচীকাঠত ওলোমালে আছুৱে
আন্দোলন কৰি লাভ নাই বুলি কোৱা মুখ্যমন্ত্ৰী নিজেই ৰাজপাটত বহিছে আন্দোলন কৰি ৷ জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদীত বহা নেতাসকলে আজি জাতি-মাটি-ভেটি আনক গটাব খুজিছে ৷ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি এই মন্তব্য কৰিলে সমুজ্জল ভট্টাচাৰ্যই ৷
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সংগঠনটোৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই কয় যে, এইয়া ৰাইজৰ আন্দোলন ৷ গতিকে ৰাইজ ওলাই আহি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰাৰ আহ্বান সমুজ্জল ভট্টাচাৰ্যৰ ৷ বিজেপিয়ে লোভৰ কাৰণে জাপি দিব খুজিছে এই বিধেয়কখন ৷ ত্ৰিপুৰীসকলৰ দৰেই দশা হ'ব অসমৰ ৷ ত্ৰিপুৰাৰ দৰে হ'বলৈ দিয়া নহ'ব অসমক ৷ অসমত অসমীয়াৰ প্ৰভূত্ব আৰু নিয়ন্ত্ৰণ ৰাখিবৰ বাবে এই আন্দোলন চলাই যাব লাগিব ৷ ৰাইজৰ আন্দোলনেই বিধেয়কখন প্ৰতিৰোধ কৰাৰ একমাত্ৰ পথ ৷ জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদীত বহা নেতাসকলে আজি জাতি-মাটি-ভেটি আনক গটাব খুজিছে বুলিও কয় সমুজ্জল ভট্টাচাৰ্যই ৷ জনসাধাৰণক প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব জনপ্ৰতিনিধিক ৷ আন্দোলন কৰি লাভ নাই বুলি কোৱা মুখ্যমন্ত্ৰী নিজেই ৰাজপাটত বহিছে আন্দোলন কৰি ৷
লগতে পঢ়কঃ উগ্ৰ বন্ধ সমৰ্থকৰ ৰোষত বহিঃ ৰাজ্যৰ যুৱক