অসম

assam

ETV Bharat / state

মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেক সঁকিয়ালে সমুজ্জ্বল ভট্টাচাৰ্যই - মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া মুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেক সদৌ অসম ছাত্ৰ সন্থা সন্দৰ্ভত অসত্য, টুলুঙা, দায়িত্বজ্ঞানহীন আৰু পৰোচনা মূলক বক্তব্য নিদিবলৈ সঁকীয়নী প্ৰদান ছাত্ৰ সন্থাৰ হৈ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷

Sammujjal Bhatacharya reaction on Medha Patekar & Sandip Pundey speech on rule of ASSU during CAA Protest
মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেক সঁকিয়ালে সমুজ্জ্বল ভট্টাচাৰ্যই

By

Published : Feb 20, 2020, 11:28 PM IST

গুৱাহাটী,20 ফেব্ৰুৱাৰী: মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেই সদৌ অসম ছাত্ৰ সন্থা সম্পৰ্কত কৰা মন্তব্যৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেক অসত্য, টুলুঙা, দায়িত্বজ্ঞানহীন আৰু পৰোচনা মূলক বক্তব্য নিদিবলৈ সঁকীয়নী প্ৰদান ছাত্ৰ সন্থাৰ হৈ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ।

বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পৰ্কত এনে অসন্মানসূচক মন্তব্য নকৰিবলৈ দুয়োগৰাকী সমাজকৰ্মীক কঠোৰভাৱে সঁকীয়নী প্ৰদান কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, দুয়োগৰাকী সমাজকৰ্মীয়ে পাহৰিছে 'কা' বিৰোধী আন্দোলন পোন প্ৰথম বাৰৰ বাবে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হৈছিল । 'কা' বিৰোধী আন্দোলনত চৰকাৰৰ গুলিত ফুলকুমলীয়াকে ধৰি পাঁচজন শ্বহীদ , কেইবা শতাধিকক নিৰ্যাতিত লোকক আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ অহিংস আন্দোলনক চূড়ান্ত অপমান কৰিছে মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডে ।

মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেক সঁকিয়ালে সমুজ্জ্বল ভট্টাচাৰ্যই

ছাত্ৰ সন্থাই 'কা' বিৰোধী আন্দোলন অহিংস আৰু শৃংখলাবদ্ধ ভাবে আগুৱাই নিয়াৰ লক্ষ্যৰে সন্ধিয়া পাঁচ বজাৰ পৰা সাতোটা দিন সাময়িকভাৱে আন্দোলন স্থগিত ৰাখিছিল আৰু সেই কথা অসমৰ ৰাইজে জানে আৰু বুজে গতিকে তেওঁলোকে অসমৰ ৰাইজৰ আগত এনেধৰণৰ মন্তব্য নাৰাখিবলৈ সঁকীয়নী প্ৰদান কৰে ছাত্ৰ সন্থাই । লগতে শিক্ষা জীৱনত কতো বাধা নৰখাকৈ অসমৰ ছাত্ৰ ছাত্ৰীয়ে আন্দোলন কৰিব আৰু পঢ়িবও গতিকে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ বাবে নিজৰ দায়িত্ব বুজি এই কা বিৰোধী আন্দোলন স্থগিত ৰখাৰ কথা ক'লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই ।

লগতে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে দুয়োগৰাকী সমাজকৰ্মীয়ে বিশৃংখল , হিংসাত্মক আন্দোলনৰ পোষকতা কৰিলেও অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই নকৰে । গতিকে অসমত ঐক্যবদ্ধ আৰু শান্তি পূৰ্ণ কা বিৰোধী প্ৰতিবাদ ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ সহযোগত চলাই নিব বুলি স্পষ্টীকৰণ প্ৰদান কৰে দুয়োগৰাকী সমাজ কৰ্মীক ।

লগতে পঢ়ক:অমিত শ্বাহ,নৰেন্দ্ৰ মোডীৰ চৰকাৰ আদানী আম্বানীৰ কৰ্পৰেট চৰকাৰঃ মীৰা বৰঠাকুৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details