অসম

assam

ETV Bharat / state

SSA new instruction: শিক্ষকে অনলাইনত আপলোড কৰিব লাগিব দৈনিক তথ্য - সমগ্ৰ শিক্ষা অসম

সমগ্ৰ শিক্ষা অসমৰ নতুন নিৰ্দেশ । শিক্ষকে প্ৰতিদিনে ৱেবছাইটত আপলোড কৰিব লাগিব শিক্ষক আৰু শিক্ষার্থীৰ উপস্থিতি । বিদ্যালয় আৰু শ্ৰেণীকোঠাৰ পৰিৱেশৰ তথ্য আৰু ছবি অনলাইনতে আপলোড কৰিব লাগিব । তথ্যক আধাৰ কৰি লৈ শিক্ষা বিষয়াই কাৰ্যালয়ৰ পৰাই বিদ্যালয় সমূহ অনলাইনত পৰিদৰ্শন কৰিব । প্ৰতিমাহে ব্লক আৰু জিলা পৰ্যায়ৰ বৈঠকত হ’ব তথ্যসমূহৰ পৰ্যালোচনা ।

samagra shiksha assam new instruction
সমগ্ৰ শিক্ষা অসমৰ নতুন নিৰ্দেশ

By

Published : Jun 20, 2023, 8:42 PM IST

গুৱাহাটী, ২০ জুন :ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে পদক্ষেপ গ্ৰহণ কৰি আহিছে । কিন্তু প্ৰায় সময়তে চৰকাৰৰ এনে সংস্কাৰমুখী পদক্ষেপে বিতৰ্কৰ সূচনা কৰি আহিছে । এইবাৰ পুনৰ আন এক সংস্কাৰ সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে সমগ্ৰ শিক্ষা অসমে । এইবাৰ পৰম্পৰাগতভাৱে চলি অহা বিদ্যালয়সমূহৰ পৰিদৰ্শন ব্যৱস্থা বিলোপ কৰিব বিচাৰিছে শিক্ষা বিভাগে । পৰম্পৰাগত পৰিদৰ্শন ব্যৱস্থাৰ পৰিৱৰ্তে বিষয়াই কার্যালয়তে বহি বিদ্যালয়সমূহ অনলাইনত পৰিদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে ।

আপলোড কৰিব লাগিব দৈনিক তথ্য

লক্ষণীয় বিষয় যে বিভিন্ন কামত শিক্ষকসকল জড়িত হোৱাত শিক্ষাদান কার্যত বিঘিনি ঘটাৰ বাবে প্ৰাথমিক শিক্ষকসকলে ‘শিক্ষা সেঁতু’ পৰ্টেলৰ কামত অসহযোগৰ কাৰ্যসূচী চলাই থকাৰ সময়তে সমগ্ৰ শিক্ষা অসমৰ কৰ্তৃপক্ষই শিক্ষকসকলৰ ওপৰত আৰু নতুনকৈ ডিজিটেল ব্যৱস্থাৰ কামৰ বোজা জাপি দিছে । সমগ্ৰ শিক্ষাই জাৰি কৰা শেহতীয়া এই নিৰ্দেশনাই শিক্ষক সমাজক অধিক ক্ষোভিত কৰি তুলিব । সমগ্ৰ শিক্ষাই জাৰি কৰা নিৰ্দেশ অনুসৰি শিক্ষকে অনলাইনত তথ্য আপলোড কৰিব লাগিব । সেই তথ্যকে আধাৰ কৰি লৈ শিক্ষা বিষয়াই কাৰ্যালয়ত বহি অনলাইন ব্যৱস্থাৰে বিদ্যালয় পৰিদৰ্শন কৰিব ।

সমগ্ৰ শিক্ষা অসমৰ নতুন নিৰ্দেশ

সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি বিদ্যালয় সমূহত চলি থকা আঁচনি সমূহৰ সঠিক ৰূপায়ণ তথা মূল্যায়ন হৈছেনে নাই তাৰ তথ্য শিক্ষকসকলে প্ৰতিদিনে ৱেবছাইটত আপলোড কৰিব লাগিব । বিদ্যালয়খনৰ অৱস্থা, শিক্ষক আৰু শিক্ষাৰ্থীৰ তথ্য, শিক্ষকৰ অনুপস্থিতি, শ্ৰেণীকোঠাৰ পৰিৱেশ, পুঁজি ব্যৱহাৰৰ বিৱৰণ, বিদ্যালয়ৰ অনুশাসনৰ লগতে বিদ্যালয়ৰ ফটোগ্ৰাফ প্ৰতিদিনে ৱেবছাইটত শিক্ষকে আপলোড কৰিব লাগিব । সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শক, জিলা শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কলৈ প্ৰেৰণ কৰা নিৰ্দেশনা অনুসৰি উল্লিখিত তথ্যসমূহ আপলোড হোৱাৰ পাচত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনলাইন ব্যৱস্থাৰে পৰিদৰ্শন কৰা হ’ব । অর্থাৎ বিদ্যালয়ত শিক্ষাদান, শৈক্ষিক পৰিৱেশ আদি চৰজমিন পৰিদৰ্শন কৰি শিক্ষাৰ মান উন্নত কৰা ব্যৱস্থাৰ পৰিৱৰ্তে বিষয়াই কাৰ্যালয়ত বহি থাকিব আৰু শিক্ষকে পাঠদান এৰি সমগ্ৰ শিক্ষাই বিচৰা তথ্য-পাতি আপলোড কৰাত ব্যস্ত থাকিব লাগিব । কেৱল সেয়াই নহয় প্ৰতি মাহৰ ৫ তাৰিখৰ ভিতৰত ব্লক পৰ্যায়ত আৰু ১০ তাৰিখৰ ভিতৰত জিলা পৰ্যায়ৰ সভাত আপলোড হোৱা তথ্যৰ ওপৰত বৈঠক অনুষ্ঠিত কৰিব লাগিব ।

সমগ্ৰ শিক্ষা অসমৰ নতুন নিৰ্দেশ

সমগ্ৰ শিক্ষা অসমৰ এই নিৰ্দেশনাই এজন শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাদান ব্যৱস্থাত বিঘিনি জন্মোৱাটো নিশ্চিত । বিশেষকৈ বিদ্যালয়ৰ শিক্ষকে প্ৰতিদিনে মধ্যাহ্ন ভোজনৰ তদাৰক কৰাৰ সমান্তৰালকৈ হিচাপ-নিকাচ ৰখা, ইউনিফর্ম, পাঠ্যপুথিৰ হিচাপ ৰখাৰ লগতে বিদ্যালয়ৰ অন্যান্য বিদ্যায়তনিক দিশৰ কাম-কাজত জড়িত হৈ থাকিব লাগে । সমগ্ৰ শিক্ষাৰ এই নিৰ্দেশৰ পাচত ইতিমধ্যে শিক্ষাদানৰ উপৰি আন কামৰ লগতে অনলাইনত দৈনিক তথ্য আপলোড কৰাত নতুনকৈ ব্যস্ত হ’ব লাগিব । লক্ষণীয় বিষয় যে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নাই । প্ৰাথমিক শিক্ষকসকলে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে । সমগ্ৰ শিক্ষাই শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ গ'লে এজন বা দুজন শিক্ষক থকা বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে । কাৰণ ছাত্ৰ-ছাত্ৰীৰ আনুপাতিক হাৰত শিক্ষা বিভাগে শিক্ষক বদলিকৰণ ব্যৱস্থা এতিয়াও সম্পাদন কৰিব পৰা নাই । তেনেস্থলত এই পদক্ষেপে শিক্ষাদানৰ ব্যৱস্থাটোত প্ৰভাৱ পেলোৱাটো নিশ্চিত ।

সমগ্ৰ শিক্ষা অসমৰ নতুন নিৰ্দেশ

লগতে পঢ়ক :Kalaguru Bishnu Prasad Rabha: ৰাভা দিৱস উপলক্ষে মঙলবাৰে ৰঙিয়াত 'অযান্ত্ৰিক' নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

ABOUT THE AUTHOR

...view details