অসম

assam

By

Published : Dec 15, 2022, 2:31 PM IST

ETV Bharat / state

Rumi Goswami Arrested : গ্ৰাম্য পুথিভঁৰাল কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰুমী গোস্বামীক গ্ৰেপ্তাৰ

পাণবজাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে গ্ৰাম্য পুথিভঁৰালৰ ব্যাপক কেলেংকাৰীত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা প্ৰণৱ গোস্বামীৰ পত্নী ৰুমী গোস্বামী (rural library scam accused Rumi Goswami arrested) । বুধবাৰে নিশা আৰক্ষীয়ে ৰুমী গোস্বামীক গ্ৰেপ্তাৰ কৰে ।

Rumi Goswami
Rumi Goswami

গুৱাহাটী, ১৫ ডিচেম্বৰ :গ্ৰাম্য পুথিভঁৰালৰ নামত সংঘটিত ব্যাপক কেলেংকাৰীৰ আন এক অভিযুক্তক গ্ৰেপ্তাৰ (scam in rural library) । পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী অভিযুক্তক । পাণবজাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে গ্ৰাম্য পুথিভঁৰালৰ ব্যাপক কেলেংকাৰীত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা প্ৰণৱ গোস্বামীৰ পত্নী ৰুমী গোস্বামী (rural library scam accused Rumi Goswami arrested) । বুধবাৰে নিশা আৰক্ষীয়ে ৰুমী গোস্বামীক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে গ্রাম্য পুথিভঁৰালৰ নামত লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত পতি-পত্নীক দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । প্রণৱ গোস্বামীৰ পত্নী ৰুমী গোস্বামী শিক্ষা আৰু জ্ঞান বিকাশ গ্ৰাম্য পুথিভঁৰালৰ সঞ্চালক হৈ থকাৰ সময়ত সংঘটিত হৈছিল এই বৃহৎ কেলেংকাৰী (former Director of rural library Rumi Goswami) ।

উল্লেখ্য যে চৰকাৰে গ্ৰাম্য পুথিভঁৰালৰ নামত কিতাপ, পানীৰ ফিল্টাৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ৬০ লাখ টকাৰ শিক্ষা আৰু জ্ঞান বিকাশ গ্ৰাম্য পুথিভঁৰালৰ সঞ্চালকালয়লৈ অনুমোদন দিছিল । সেই সময়ত শিক্ষা আৰু জ্ঞান বিকাশ গ্ৰাম্য পুথিভঁৰালৰ সঞ্চালকৰ পদত ৰুমী গোস্বামী আছিল । এই সকলো কামৰ ঠিকা লাভ কৰিছিল ৰুমী গোস্বামীৰ স্বামী প্ৰণৱ গোস্বামীয়ে (police arrested rural library scam accused) । পিছত মহাগাণনিকে পৰীক্ষা কৰি গ্ৰাম্য পুথিভঁৰালৰ নামত কিতাপ, পানীৰ ফিল্টাৰ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ নামত অনিয়ম হোৱাৰ তথ্য লাভ কৰে ।

যোৱা ২৮ ফেব্ৰুৱাৰীত ৰুমী গোস্বামীয়ে সঞ্চালকৰ পদৰ পৰা অব্যাহতি লোৱাৰ পিছত নতুন সঞ্চালকে দায়িত্ব লোৱাৰ পিছতে এই বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে । পিছত এই সন্দৰ্ভত পাণবজাৰ থানাত গোচৰ ৰুজু কৰা হয় । আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি যোৱা ২৬ নৱেম্বৰত প্ৰণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে । ৰুমী গোস্বামীয়ে আদালতত অগ্ৰিম জামিন আবেদন কৰাৰ বাবে আৰক্ষীয়ে ৰুমী গোস্বামীক গ্ৰেপ্তাৰ কৰা নাছিল ।

আদালতে ৰুমী গোস্বামীৰ অগ্ৰিম জামিন নাকচ কৰাৰ পিছত বুধবাৰে নিশা আৰক্ষীয়ে ৰুমী গোস্বামীক গ্ৰেপ্তাৰ কৰে । আজি আৰক্ষীয়ে ৰুমী গোস্বামীক আদালতত হাজিৰ কৰাই পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিব বুলি আৰক্ষীৰ‌ সূত্ৰত প্ৰকাশ । অৰক্ষীয়ে লাভ কৰা তথ্য মতে, ৰুমী গোস্বামী আৰু প্ৰণৱ গোস্বামীয়ে চৰকাৰে শিক্ষা আৰু জ্ঞান বিকাশ গ্ৰাম্য পুথিভঁৰালৰ সঞ্চালকালয়লৈ গ্ৰাম্য পুথিভঁৰালৰ নামত কিতাপ, পানীৰ ফিল্টাৰ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে দিয়া ৬০ লাখ টকাৰ মাত্ৰ ৩৩ শতাংশহে কাম কৰি কাম সম্পূৰ্ণ হোৱা দেখুৱাই ধন আত্মসাৎ কৰিছিল ।

আনকি যোৱা ২৮ ফেব্ৰুৱাৰীত অৱসৰ লোৱাৰ‌ পূৰ্বে ৰুমী গোস্বামীয়ে চেকযোগে এই আচঁনিৰ ধনৰ টকা তেওঁৰ বেংক একাউণ্টত জমা কৰিছিল‌ বুলি আৰক্ষীৰ হাতত তথ্য জমা পৰিছে ।

লগতে পঢ়ক :Lachit Memorial and Cultural Project : দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব লাচিত স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details