অসম

assam

মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ জয়যাত্রা অব্যাহত

By

Published : Nov 2, 2021, 4:45 PM IST

বিজেপিৰ দখললৈ গ'ল মৰিয়নি সমষ্টি । ৫৫,৪৮৯ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে । সমষ্টিটোত কংগ্ৰেছৰ লোহিত কোঁৱৰে লাভ কৰে ১৫,৩৮৫ টা ভোট ।

Rupjyoti Kurmi won
মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ জয়

গুৱাহাটী, ২ নৱেম্বৰ : মৰিয়নি সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ল বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী । বিধায়ক পদ আৰু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰি উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ মৰিয়নি সমষ্টি নিজৰ দখললৈ আনিবলৈ সক্ষম হ'ল । তেওঁ ৫৫,৪৮৯ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰাৰ্থী কংগ্ৰেছৰ লোহিত কোঁৱৰে লাভ কৰে ১৫,৩৮৫ টা ভোট ।

ৰূপজ্যোতি কুৰ্মী ৪০,১০৪টা ভোটৰ ব্যৱধানত জয়ী হয় । উল্লেখ্য যে, যোৱা ৩০ অক্টোবৰত অসমৰ ৫টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল । আজি পুৱাৰে পৰা ভোটগণনা চলি আছে । ইতিমধ্যে থাওৰা সমষ্টিত বিজেপিৰ সুশান্ত বৰগোঁহায়ে জয় লাভ কৰিছে । গোঁসাইগাঁৱত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে বিজয় সুনিশ্চিত কৰিছে ।

লগতে পঢ়ক:থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ বৃহৎ জয়

ABOUT THE AUTHOR

...view details