গুৱাহাটী, ১৩ জুলাই: মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচনত টিকট পাব নে নাই সেয়া নিশ্চিত হোৱা নাই যদিও নতুনকৈ বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মী কিন্তু জয়ী হ'ব বুলি দৃঢ় বিশ্বাসী হৈ আছে । কংগ্ৰেছৰ হৈ মৰিয়নীৰ পৰা ৪ বাৰকৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনত জয়ী হোৱাৰ পাছতো কংগ্ৰেছ দল আৰু বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰে । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে মঙলবাৰে বিধানসভা চৌহদত ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত পুনৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ কয়, ' দহজন অখিল গগৈ আহিলেও মোক মৰিয়নী সমষ্টিত হৰুৱাব নোৱাৰে । আনকি ১০ জন ৰিপুণ বৰা, ১০ জন ৰকিবুল হুছেইন, ১০ জন গৌৰৱ গগৈ আহিলেও মোক হৰুৱাব নোৱাৰে ।'
সকলোকে প্ৰত্যাহ্বান জনাই ৰূপজ্যোতি কুৰ্মীয়ে কয়, 'প্ৰভুৱে যেতিয়া জয়ী কৰাব বিচাৰে তেতিয়া অখিল গগৈয়ে ক'ত হৰুৱাব পাৰিব । প্ৰভুৰ ওপৰতে সকলো কথা । তেওঁৰ এটা ভোট নাপালেও একো নাই সমষ্টিৰ ৰাইজে ভোটদান কৰিব । সমষ্টিৰ গৰিষ্ঠসংখ্যক ৰাইজে মোক ভোট দি আহিছে আৰু আগলৈও দিব' ।