অসম

assam

ETV Bharat / state

এইবাৰ আমি চৰকাৰ নহয়, মালিকৰ বিৰুদ্ধে আন্দোলন কৰিম- ৰূপম দত্ত - Hit and Run Law

Hit and Run Law : "আমাৰ দাবী পূৰণ নকৰিলে পুনৰ আন্দোলন হ’ব। লাগিলে আমাক গুলীয়াই মাৰক তথাপি আন্দোলন হ’বই। তেতিয়া অসমৰ পৰিস্থিতি বৰ বেয়ালৈ যাব তাৰ বাবে জগৰীয়া আমি নহ’ম । আমি তেওঁলোকক 10/15 দিনৰ সময় দিছো, এই আন্দোলন কেতিয়াও মেনেজ নহয় ৷"-ৰূপম শৰ্মা

Hit and Run Law
এইবাৰ আমি চৰকাৰ নহয়, মালিকৰ বিৰুদ্ধে আন্দোলন কৰিম- ৰূপম দত্ত

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 11:19 AM IST

এইবাৰ আমি চৰকাৰ নহয়, মালিকৰ বিৰুদ্ধে আন্দোলন কৰিম- ৰূপম দত্ত

গুৱাহাটী, 7 জানুৱাৰী:'হিট এণ্ড ৰাণ' সন্দৰ্ভত ভাৰতবৰ্ষত বলৱৎ হ’বলৈ ওলোৱা ক’লা আইন বাতিলৰ দাবীত সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত মহানগৰীৰবেতকুছিস্থিত ISBT ত নৈশ বাছ চালক ৰূপম দত্তই শনিবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ দত্তই সংবাদমেলত কয় যে, "এইবাৰ আমি চৰকাৰ নহয় মালিকৰ বিৰুদ্ধে আন্দোলন কৰিম ৷"

সংবাদমেলত বাছৰ মালিকসকলক উদ্দেশ্যি ৰূপম দত্তই পুনৰ কয়, "তিনিজন মালিকৰ বাহিৰে এই আন্দোলনত আমাক কোনোৱে সহাঁৰি নিদিলে । গতিকে এতিয়াৰে পৰা আমি মালিকৰপৰা সকলো প্ৰাপ্য বিচাৰি আন্দোলন কৰিম । মালিক সন্থাৰ আন্দোলন কাৰ্যসূচীত এতিয়াৰে পৰা আমি ভাগ নলওঁ। তেওঁলোকে নিজৰ ৰাস্তা নিজেই উলিয়াই লওঁক। মালিক সন্থাৰ ভূমিকাত আমি লাজ পাইছো ৷ মালিকক আমি ভগৱান বুলি মানো কিন্তু তেওঁলোকে এই আন্দোলনত মৌন হৈ থাকিল ৷"

আনহাতে 5 ডিচেম্বৰত চৰকাৰৰ সৈতে অনুষ্ঠিত হৈ যোৱা বৈঠকৰ পিচত ৰূপম দত্ত মেনেজ হ’ল নেকি বুলি বহুলোকে প্ৰশ্ন উত্থাপন কৰিছিল ৷ এই সম্পৰ্কত মন্তব্য আগবঢ়াই দত্তই কয়, "আমি অটল আছো নিজৰ স্থিতিত। এই আইনখন সংশোধন বা বাতিল নোহোৱালৈ এই আন্দোলন চলি থাকিব। কেৱল চৰকাৰে আমাক আশ্বস্ত কৰা বাবে সাময়িকভাৱে খুলি দিয়া হৈছে। আমাৰ দাবী পূৰণ নকৰিলে পুনৰ আন্দোলন হ’ব। লাগিলে আমাক গুলীয়াই মাৰক তথাপি আন্দোলন হ’বই। তেতিয়া অসমৰ পৰিস্থিতি বৰ বেয়ালৈ যাব তাৰ বাবে জগৰীয়া আমি নহ’ম । আমি তেওঁলোকক 10/15 দিনৰ সময় দিছো, এই আন্দোলন কেতিয়াও মেনেজ নহয় ৷" ইয়াক লৈ ৰাজনীতিকৰণ নকৰিব বুলিও সংবাদমেল যোগে আহ্বান জনাই ৰূপম দত্তই।

উল্লেখ্য যে, ভাৰতীয় ন্যায় সংহিতা আইনৰ বিৰোধিতাৰে বিগত 5 আৰু 6 জানুৱাৰীত 48 ঘন্টাৰ বাবে কৰ্মবিৰতি ঘোষণা কৰিছিল ব্যক্তিগত খণ্ডৰ সকলোবোৰ ৰাজহুৱা পৰিবহন সন্থাই । দুদিনীয়া কৰ্মবিৰতিৰ সময়ত চৰকাৰৰ সৈতে হোৱা আলোচনাত দ্বিতীয় দিনাৰ কৰ্মবিৰতি উঠাই লৈছিল চালক সন্থাসমূহে। তাৰ পিচতে ৰূপম দত্তক একাংশই প্ৰশ্ন উত্থাপন কৰিছিল চৰকাৰৰ সৈতে মেনেজ হোৱা বুলি। সেয়েহে আজি সংবাদমেল যোগে সকলো কথা স্পষ্ট কৰে ৰূপম দত্তই ।

লগতে পঢ়ক:দেৰগাঁৱত ড্ৰাইভাৰ-হেণ্ডিমেনৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details