গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: গাড়ী চুৰি চক্ৰৰ পৰা আৰম্ভ কৰি যৌন কেলেংকাৰীলৈকে এই দীঘলীয়া তালিকাখনেৰে বিধায়ক হৈ থকা সময়চোৱাত বিভিন্ন নকৰিবলগীয়া কাম কৰি ৰাজ্যৰ ৰাজনীতিত খলকনি তোলা ডাঃ ৰুমী নাথক নিশ্চয় সকলোৰে মনত আছে । বহু বিতৰ্কৰে সাঙোৰ খোৱা ৰুমী নাথে ৰঙাঘৰৰো ভাত খাবলগীয়া হৈছিল ।
এসময়ত বিজেপিৰ বিধায়ক হিচাপে বৰাক উপত্যকাৰ বৰখলা সমষ্টিৰ পৰা জিকি আহিছিল ডাঃ ৰুমী নাথ । আহিয়েই ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হকে ভোট দি বিজেপিৰ পৰা বহিস্কৃত হ'বলগীয়া হৈছিল । সেয়াই আৰম্ভণি । তাৰ পিছত কেলেংকাৰীৰ পিছত কেলেংকাৰী । পৰৱৰ্তী সময়ত তেওঁ টোকৰ মাৰিলেগৈ কংগ্ৰেছৰ দুৱাৰত । কংগ্ৰেছত যোগদানো কৰিলে । কিন্তু নিজৰ কৃতকৰ্মৰ বাবে পুনৰ বিগত বৰ্ষৰ অক্টোবৰ মাহত ছবছৰৰ বাবে কংগ্ৰেছে ৰুমী নাথক দলৰ পৰা বহিস্কাৰ কৰে । কিন্তু আমোদজনক কথাটো হ'ল দলৰ পৰা বহিস্কৃত সেই ৰুমী নাথেই আকৌ বৰখলা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট বিচাৰি আবেদন জনাইছে । অৱশ্যে কংগ্ৰেছ নেতৃত্বই ইতিমধ্যে তেওঁৰ আবেদন খাৰিজ কৰিছে ।