অসম

assam

ETV Bharat / state

প্ৰাকৃতিক সম্পদৰ ওপৰত কিমান দিনলৈ লুন্ঠনৰাজ ! - নৰেন্দ্ৰ মোডী

কেন্দ্ৰীয় চৰকাৰখনৰ লুণ্ঠন কৰাই প্ৰধান উদ্দেশ্য নেকি ? সংবাদমেল যোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশ্ন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ ৷ কোনো কাৰণতে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খনন কৰিবলৈ বিচৰা কাৰ্যক মানি লোৱা নহ'ব বুলি স্পষ্ট ঘোষণা সংগঠনটোৰ সভাপতিগৰাকীৰ ৷

Rubul Das  opposed  Dehing patkai coal mining
অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

By

Published : May 21, 2020, 4:29 PM IST

গুৱাহাটী,21মে':অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাইৰ ৰক্ষাৰ স্বাৰ্থত এতিয়া ক্ৰমাৎ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষুৰধাৰ সমালোচনা কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কেন্দ্ৰীয় চৰকাৰখনৰ লুণ্ঠন কৰাই প্ৰধান উদ্দেশ্য নেকি বুলি আজি এক সংবাদমেল যোগে প্ৰশ্ন কৰে ৷ ইয়াৰ উপৰিও অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লুণ্ঠনৰাজ বন্ধ কৰাৰ দাবী তোলে সভাপতি ৰুবুল দাসে ।

অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত লুণ্ঠনৰাজ বন্ধ কৰক

ইপিনে কোনো কাৰণতে বৰ্ষাৰণ্যখনত কয়লা খনন কৰিবলৈ বিচৰা কাৰ্যক মানি লোৱা নহ'ব বুলি স্পষ্ট ঘোষণা কৰে সংগঠনটোৰ সভাপতি ৰুবুল দাসে ৷ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দিহিং পাটকাই অভয়াৰণ্য পৰ্য্যবেক্ষণ কৰিবলৈ বনমন্ত্ৰীক প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী, জাতীয় সংগঠনৰ নেতৃত্ব, জ্যেষ্ঠ নাগৰিক, ভূতাত্ত্বিক আদিৰে গঠিত দলকহে প্ৰেৰণ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়কঃসন্ত্ৰাসবাদক সমৰ্থন কৰা দেশক এঘৰীয়া কৰিব লাগেঃ ভেংকায়া নাইডু

ABOUT THE AUTHOR

...view details