দিছপুৰ, ৪ মে':দিছপুৰ প্ৰেছ ক্লাবত আৰ টি আই কৰ্মী দুলাল বৰাৰ সংবাদমেল । সংবাদমেলত গৃহ বিভাগৰ উপ সচিব চিন্ময় প্ৰকাশ ফুকনৰ বিৰুদ্ধে সৰৱ দুলাল বৰা। চিন্ময় প্ৰকাশ ফুকনৰ বিৰুদ্ধে বিভাগীয় গোপন তথ্য ৰাজহুৱা কৰাৰ লগতে ভূ-মাফিয়াৰ সৈতে সু-সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে দুলাল বৰাই ৷
গৃহ বিভাগৰ চিন্ময় ফুকনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দুলাল বৰাৰ
সংবাদমেলত গৃহ বিভাগৰ উপ সচিব চিন্ময় প্ৰকাশ ফুকনৰ বিৰুদ্ধে সৰৱ দুলাল বৰা । ভূ-মাফিয়াৰে সু -সম্পৰ্ক থকাৰ গুৰুতৰ অভিযোগ দুলাল বৰাৰ ।
দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল দুলাল বৰাৰ
লগতে চিন্ময় ফুকনৰ বিৰুদ্ধে ৰাজহ হৰলুকী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে দুলাল বৰাই । ইতিমধ্যে ফুকনৰ বিৰুদ্ধে গড়চুক থানাত 128/19 ত গোচৰ পঞ্জীয়ন কৰিছে বৰাই ৷ গৃহ বিভাগত থকাৰ বাবেই বিয়ষাজনৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নলয় বুলি সংবাদমেলত প্ৰকাশ কৰি চিন্ময় ফুকনক গৃহ বিভাগৰ পৰা আঁতৰোৱাৰ দাবী বৰাৰ ।