অসম

assam

ETV Bharat / state

মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ দায়িত্ব - অসম সত্ৰ মহাসভা

অসম সত্ৰ মহাসভাই ড৹ দিব্যজ্যোতি শইকীয়াক দুটা কার্যকালৰ বাবে মুখ্য উপদেষ্টা হিচাপে থাকি যুৱ তীর্থক মার্গ দৰ্শনেৰে আগুৱাই নিবৰ বাবে দায়িত্ব অর্পণ কৰিছে ৷ ড৹ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে 60 তাতকৈ অধিক ৰাষ্ট্ৰীয় বঁটা আৰু প্ৰায় 20 টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ৷

মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ দায়িত্ব
মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

By

Published : Aug 17, 2021, 2:15 PM IST

গুৱাহাটী, ১৭ আগষ্ট :অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন সমন্বিত যুৱ তীর্থৰ মুখ্য উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে বিশিষ্ট মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াক ৷ অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ নিৰ্দেশক্ৰমে এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত সমন্বিত যুৱ তীর্থক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ প্ৰয়াসেৰে সমন্বিত যুৱ তীৰ্থৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, সত্ৰ যুৱ বন্ধু উপাধিৰে বিভূষিত, সত্ৰ মহাসভাৰ আজীৱন আৰু হিতৈষী সদস্য, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকর্মী ড৹ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ গুৰু দায়িত্ব অৰ্পণ কৰা হয় ৷

মহাসভাই ড৹ দিব্যজ্যোতি শইকীয়াক অতি কমেও পৰৱৰ্তী দুটা কার্যকালৰ বাবে মুখ্য উপদেষ্টা হিচাপে থাকি যুৱ তীর্থক মার্গ দশনেৰে আগুৱাই নিবৰ বাবে দায়িত্ব অর্পণ কৰিছে ৷ উল্লেখ্য যে, টীম আন্নাৰ ৰাষ্ট্ৰীয় সদস্য, সামাজিক সংগঠন ব্ৰাডাৰ্ছৰ সচিব প্ৰধানকে আদি কৰি বহু ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংগঠন তথা সামাজিক অনুষ্ঠানৰ বিষয়ববীয়া হোৱাৰ লগতে ড৹ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে 60 টাতকৈ অধিক ৰাষ্ট্ৰীয় বঁটা আৰু প্ৰায় 20 টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ৷

ড৹ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

ড৹ শইকীয়াই ডাইনী বিৰোধী, সমাজ সংস্কাৰধৰ্মী, মানৱতাবাদী, মানৱ অধিকাৰ আৰু সমাজ সেৱাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা দুটাকৈ সন্মানীয় ডক্টৰেট উপাধিও লাভ কৰিবলৈ সক্ষম হৈছে ৷

সত্ৰৰ ভূমি বেদখলমুক্ত কৰা, বান-খহনীয়া প্ৰতিৰোধ, ৰাজ্যৰ সীমা সমস্যা সমাধান, সত্ৰসমূহৰ উন্নয়ন তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা আদি বিভিন্ন সামাজিক কামৰ ক্ষেত্ৰত ড৹ দিব্যজ্যোতি শইকীয়াই কাম কৰি আহিছে ৷ অসম সত্ৰ মহাসভাই গভীৰ প্ৰত্যয়পূর্ণভাৱে ড৹ দিব্যজ্যোতি শইকীয়াক দায়িত্বভাৰ লৈ অসমৰ সমূহ যুৱ প্ৰজন্মক আগুৱাই লৈ যাবৰ বাবে মুখ্য উপদেষ্টাৰ গধুৰ দায়িত্বভাৰ অৰ্পণ কৰিছে ৷

লগতে চাওক :কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ

ABOUT THE AUTHOR

...view details