গুৱাহাটী, ৩ এপ্ৰিল: প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ দৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰ এছ এছ)ই দেওবাৰে বিয়লি গুৱাহাটীত অনুষ্ঠিত কৰে শঙ্খনাদ । গুৱাহাটীৰ চান্দমাৰীস্থ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মহানগৰীৰ শতাধিক আৰ এছ এছ কৰ্মীয়ে ভাগ লয় (RSS training program in Guwahati)। স্মৰ্তব্য যে সাধাৰণতে নেতাজী সুভাষ বসুৰ জন্মদিনটোত এই ধৰণৰ কাৰ্যসূচী আৰ এছ এছে পালন কৰে যদিও এইবাৰ কিছু ব্যতিক্ৰম হৈছে ।
আৰ এছ এছ কৰ্মী সকলৰ বাবে আয়োজিত আজিৰ এই বিশেষ শাৰিৰীক শিক্ষণ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে আৰ এছ এছৰ অখিল ভাৰতীয় শাৰিৰীক প্ৰমুখ সুনীল কুলকাৰ্ণী, অসমৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাহ কুলকাৰ্ণী, উত্তৰ পূৱৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাৰ লগতে খগেন শইকীয়া, নৃপেন বৰ্মন, গুৰুপ্ৰসাদ মেধীকে ধৰি আৰ এছ এছৰ কেইবাগৰাকীও শীৰ্ষ বিষয়ববীয়া৷ আনহাতে, সম্প্ৰতি গুৱাহাটীত বাহৰ পাতি থকা আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুৰেশ চোনীও উপস্থিত থাকে আজিৰ এই অনুষ্ঠানত ।