গুৱাহাটী,16 এপ্ৰিল: সমগ্ৰ দেশ লোকসভা নিৰ্বাচনক লৈ ব্যস্ত থকাৰ মাজতে কংগ্ৰেছ দললৈ আহিল সুখবৰ । নিৰ্বাচনী ব্যস্ততাৰ মাজতে আজি কংগ্ৰেছ দলে আঁকোৱালি ল'লে কেইবাজনো ব্যক্তি আৰু ছাত্ৰক । ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিষ ৰাৱাতে কংগ্ৰেছ দললৈ আদৰণি জনালে 86 গৰাকী ব্যক্তিক । বাওঁপন্থী ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন আৰু আৰ এছ এছৰ এজন ব্যক্তিৰ লগতে 86 গৰাকী ব্যক্তিয়ে যোগদান কৰে কংগ্ৰেছত ।
বাওঁপন্থী ৰাজনৈতিক দল আৰু আৰ এছ এছ এৰি কংগ্ৰেছমুখী ছাত্ৰ
বৰ্তমান দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে বাওঁপন্থী ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনৰ সদস্য আৰু আৰ এছ এছৰ সদস্যই কংগ্ৰেছৰ প্ৰতি আস্থা দেখুৱাই কংগ্ৰেছত যোগদান কৰিছে বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ।
বাওঁপন্থী ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন আৰু আৰ এছ এছ এৰি কংগ্ৰেছ মুখী ছাত্ৰ
ৰিপুন বৰা আৰু হৰিষ ৰাৱাতে কংগ্ৰেছত যোগদান কৰা ব্যক্তিসকলক গামোচা পিন্ধাই নিজ দললৈ আদৰণি জনায় । বৰ্তমান দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে বাওঁপন্থী ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনৰ সদস্য আৰু আৰ এছ এছৰ সদস্যই কংগ্ৰেছৰ প্ৰতি আস্থা দেখুৱাই কংগ্ৰেছত যোগদান কৰিছে বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই । আজি কংগ্ৰেছত যোগদান কৰা এই ব্যক্তিসকলে কংগ্ৰেছ দলৰ শক্তি বৃদ্ধি কৰিব বুলিও কয় ৰিপুন বৰাই ।