গুৱাহাটী, ৯ ডিচেম্বৰ:ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ প্ৰধান মোহন ভাগৱত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব(RSS chief Mohan Bhagwat) । ১০ ডিচেম্বৰত অসমত উপস্থিত হ’ব আৰ এছ এছৰ শীর্ষতম নেতাগৰাকী । ১০ ডিচেম্বৰত অসমত পদাৰ্পণ কৰি ১১ ডিচেম্বৰত তেওঁ গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ হাজংবৰীত অনুষ্ঠিত হ'বলগীয়া সংঘৰ স্বয়ংসেৱক আৰু কাৰ্যকৰ্তাৰ বিশেষ সন্মিলনত অংশগ্ৰহণ কৰিব(RSS chief Mohan Bhagwat to arrive in Assam) ।
আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে সদৰী কৰে এই কথা । উল্লেখ্য যে সংঘৰ হাজংবৰীস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত শনিবাৰৰ পৰা ১১ ডিচেম্বৰলৈ তিনিদিনীয়া ‘প্ৰেৰণা শিবিৰ' শীৰ্ষক এক কাৰ্যকৰ্তা শিবিৰ অনুষ্ঠিত হ'ব । আৰ এছ এছৰ শতবৰ্ষ জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সংঘকাৰ্য বিস্তাৰ আৰু কাৰ্যকতাৰ বিকাশৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে ।