অসম

assam

ETV Bharat / state

Mukhyamantrir Diary 1: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্রীৰ ডায়েৰী ১' উন্মোচন

দিছপুৰ জনতা ভৱনত আজি উন্মোচন কৰা হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্রীৰ ডায়েৰী ১' শীৰ্ষক গ্ৰন্থখন ৷ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে উন্মোচন কৰে গ্ৰন্থখন(MP Ranjan Gogoi launched Mukhyamantrir Diary 1) ৷ গ্ৰন্থখনত চৰকাৰৰ গোপনীয়তাক বাদ দি প্ৰত্যেকটো দিনৰ ঘটনা তথা দিনলিপিসমূহ মুখ্যমন্ত্রীৰ ডায়েৰীত সন্নিবিষ্ট কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

By

Published : Jan 5, 2023, 9:53 PM IST

Mukhyamantrir Diary 1
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্রীৰ ডায়েৰী ১' উন্মোচন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্রীৰ ডায়েৰী ১' উন্মোচন

গুৱাহাটী,৫ জানুৱাৰী: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্রীৰ ডায়েৰী ১' শীৰ্ষক গ্ৰন্থখন আজি অৰ্থাৎ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাকক্ষত আয়োজন কৰা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে(MP Ranjan Gogoi launched Mukhyamantrir Diary 1) । সাংসদ পবিত্র মাৰ্ঘেৰিটাই আঁত ধৰা অনুষ্ঠানটোত গ্ৰন্থখনৰ লেখক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণত গ্ৰন্থখনৰ বিষয়ে উল্লেখ কৰে ।

মুখ্যমন্ত্রী শৰ্মাই কয় যে, সাংসদ পবিত্র মাৰ্ঘেৰিটা আৰু দলীয় কৰ্মকৰ্তাৰ আহ্বানমৰ্মে তেওঁ মুখ্যমন্ত্রীৰ ডায়েৰী লিখাৰ বাবে প্ৰস্তুত হৈছিল । দিনটোৰ কৰ্মব্যস্ততাৰ মাজতে তেওঁ লিখি গৈছিল ডায়েৰী । পূৰ্বৰ মুখ্যমন্ত্রীসকল বহু ঘটনা তথা উত্থান-পতনৰ তেওঁ সাক্ষী আছিল যদিও সেইবোৰ জাতীয় জীৱনৰ সমল হোৱা নাছিল । তেওঁ আৰু কয় যে, চৰকাৰৰ গোপনীয়তাক বাদ দি প্ৰত্যেকটো দিনৰ ঘটনা তথা দিনলিপিসমূহ মুখ্যমন্ত্রীৰ ডায়েৰীত সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে(Book on Assam CM Himanta Biswa Sarma Inaugurated) ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্রীৰ ডায়েৰী ১' উন্মোচন

গ্ৰন্থখনত নিজকে মহিমামণ্ডিত কৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীৰ ডায়েৰীত পাৰিবাৰিক কথা সন্নিবিষ্ট কৰা হোৱা নাই যদিও বহুসময়ত প্ৰসংগক্ৰমে আহিছে । মুখ্যমন্ত্রীৰ ডায়েৰী হিমন্ত বিশ্ব শৰ্মাৰ ডায়েৰী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হ'ব নোৱাৰে আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা হ'ব নোৱাৰে(CM Himanta Biswa Sarma Book Inauguration) । ১০ মে'ত তেওঁ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে জুন মাহৰ পৰা তেওঁ ডায়েৰী লিখা আৰম্ভ কৰে ।

মুখ্যমন্ত্রীৰ ডায়েৰী ১১ মাহৰ ডায়েৰী বুলি সদৰী কৰি তেওঁ কয় যে, মুখ্যমন্ত্রী হিচাপে তেওঁৰ কাৰ্যকালৰ বাকী সময়চোৱাও তেওঁ এনেদৰে ডায়েৰী লিখি যাব । গ্ৰন্থখন ভৱিষ্যতৰ সমল হিচাপে থাকি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ লগতে কয় যে বিগত ডেৰবছৰীয়া কাৰ্যকালত তেওঁ বিশেষ কোনো ঘটনা প্ৰৱাহৰ সন্মুখীন হোৱা নাই । অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 'মুখ্যমন্ত্রীৰ ডায়েৰী ১' উন্মোচন

মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাক প্ৰশংসা কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ অৱদানৰ বিষয়ে গ্ৰন্থখনত উল্লেখ কৰা নাই । ক'ভিডৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা সেৱা কথা তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে মুখ্যমন্ত্রীৰ পদটোৰ এই ৰং-ৰূপ । মুখ্যমন্ত্রীৰ কৰ্মদক্ষতাৰ শলাগ লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এই পৰিৱৰ্তন আহিছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে গ্ৰন্থখন হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ কৃতিত্ব বুলি কয় ।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুভাষ দাস, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাস, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক:Twin Tower in Guwahati : সৰ্বানন্দ সোণোৱালৰ সপোনৰ টুইন টাৱাৰটো কাহানিও হৈ নুঠে

ABOUT THE AUTHOR

...view details