গুৱাহাটী, 19 মাৰ্চঃ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে ৰে'লৱেৰ সুৰক্ষা বাহিনীয়ে ৰে'ল সংখ্যা 13175 নম্বৰৰ কাঞ্চনজংঘা এক্সপ্ৰেছৰ পৰা এজন লোকক চিনাক্ত কৰে, যিজন লোকে কেৰালাৰ চিকিৎসকৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা পলাই গৈছিল ৷ মালিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে এই কথা সদৰি কৰে ৷
কেৰালাৰ চিকিৎসকৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা পলাল এজন যুৱক - ৰে'ল সংখ্যা 13175 নম্বৰৰ কাঞ্চনজংঘা এক্সপ্ৰেছ
কেৰালাৰ চিকিৎসকৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা পলোৱা মৰিগাঁৱৰ সৰফুল ইছলামক চিনাক্ত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আৰক্ষীৰ ৷ বৃহস্পতিবাৰে বঙাইগাঁও ৰে'লষ্টেচনত কাঞ্চনজংঘা এক্সপ্ৰেছৰ 3 নম্বৰ প্লেটফৰ্মৰ পৰা চিনাক্ত কৰে লোকজনক ৷
ৰঙিয়া জংচনৰ ৰে'লৱে আৰক্ষী অধীক্ষক পৱন কুমাৰসহ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগৰ পৰাই কাঞ্চনজংঘা এক্সপ্ৰেছত তালাচী আৰম্ভ কৰে ৷ সেইসময়ত কাঞ্চনজংঘা এক্সপ্ৰেছখন বঙাইগাঁও ৰে'লষ্টেচনৰ 3 নম্বৰ প্লেটফৰ্মত প্ৰৱেশ কৰিছিল ৷ অৱশেষত কেৰালাৰ চিকিৎসকৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা পলোৱা সৰফুল ইছলাম নামৰ লোকজনক ৰে'লৱে আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হয় ৷ সৰফুল ইছলামমৰিগাঁও জিলাৰ মিকিৰগাঁৱৰ আব্দুল লটিফৰ পুত্ৰ ৷ কেৰালাত চিকিৎসকৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা পলাই সৰফুল ইছলামে ৰে'লেৰে আহি পৰকৰ পৰা চেন্নাই পায়হি আৰু চেন্নাইৰ পৰা কলকাতাৰ হাওৰা ষ্টেচনলৈ যায় ৷ তাৰপিছত তেওঁ শিয়ালদহৰ পৰা শিলচৰ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছেৰে গুৱাহাটী ৰে'লষ্টেচন আহি পায় ৷ গুৱাহাটীৰ পৰা সৰফুল ইছলামে নিজ বাসগৃহ মৰিগাঁৱলৈ ৰাওনা হোৱাৰ পৰিকল্পনা কৰিছিল বুলি ৰে'লৱে আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ নিউ বঙাইগাঁও জংচনত সৰফুল ইছলামৰ কথা গম পোৱাৰ পিছতে লগে লগে তেওঁক ৰে'লৱে চিকিৎসালয়ত ভৰ্তি কৰে আৰু স্ক্ৰীণিং টেষ্ট কৰে ৷
লগতে পঢ়কঃকোকৰাঝাৰত অস্ত্ৰ-শস্ত্র সৈতে এজনক আটক