অসম

assam

By

Published : Oct 10, 2022, 4:47 PM IST

ETV Bharat / state

ৰাজস্থানৰ যুৱতীক চলন্ত ৰেলত নিৰ্যাতন আৰপিএফ জোৱানৰ

ৰাজস্থানৰ যুৱতীক ৰে'লত নিৰ্যাতন ৰে'ল সুৰক্ষা বাহিনীৰ (RPF) জোৱানৰ । পৰীক্ষা দি লামডিঙৰ পৰা গুৱাহাটী অভিমুখী অবোধ অসম এক্সপ্ৰেছত উভতি অহাৰ সময়তেই অঘটন । অভিযোগৰ পিছতেই ৰে'ল আৰক্ষীয়ে আটক কৰে অভিযুক্ত জোৱানজনক ।

molestation in Abodh Assam Express
ৰাজস্থানৰ যুৱতীক চলন্ত ৰেলত নিৰ্যাতন আৰপিএফ জোৱানৰ

গুৱাহাটী, ১০ অক্টোবৰ: ৰে'লত পুৰুষ সহযাত্ৰীৰ দ্বাৰা মহিলা যাত্ৰীক বিভিন্ন ধৰণে উৎপীড়ন কৰাৰ ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে (molesting co passenger on train)। এনে ধৰণৰ অভিযোগ উত্থাপিত হোৱাৰ মাজতেই অবোধ অসম এক্সপ্ৰেছত (molestation in Abodh Assam Express) সংঘটিত এক উৎপীড়নৰ ঘটনা পোহৰলৈ আহিছে ।

বহিঃৰাজ্যৰ যুৱতীক চলন্ত ৰে'লত নিৰ্যাতন ৰে'ল সুৰক্ষা বাহিনীৰ (RPF) জোৱানৰ । চাকৰিৰ বাবে পৰীক্ষা দিবলৈ ৰাজস্থানৰ এগৰাকী যুৱতী ডিফুলৈ আহিছিল । পৰীক্ষা দি লামডিঙৰ পৰা গুৱাহাটী অভিমুখী অবোধ অসম এক্সপ্ৰেছত উভতি অহাৰ সময়তেই সংঘটিত হৈছে এই ঘটনাটো ।

উল্লেখ্য় যে, যুৱতীগৰাকীয়ে আসন দেখুৱাই দিবলৈ ৰে'ল সুৰক্ষা বাহিনীৰ ওম প্ৰসাদ মীনা নামৰ জোৱানজনৰ সহায় বিচাৰিছিল । আসন দেখুউৱাৰ চলেৰে অন্য ডবালৈ লৈ গৈ জোৱানজনে নিৰ্যাতন চলায় যুৱতীগৰাকীক। অৱশ্য়ে পিছত যুৱতীগৰাকীয়ে হেল্পলাইন নম্বৰৰ (Helpline Number) সহায় লৈ ৰক্ষা পৰে সম্ভাৱ্য এক ভয়ংকৰ বিপদৰ পৰা ।

পিছত ৰে'ল আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযুক্ত জোৱানজনক আটক কৰে (RPF jawan molested lady passenger)। অৱশ্যে ভুক্তভোগী যুৱতীগৰাকীয়ে এই পৰ্যন্ত এজাহাৰ দাখিল কৰা নাই জিআৰপি থানাত । যাৰ পৰিপ্ৰেক্ষিতত আটক কৰাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে । ইয়াৰ মাজতে অৱশ্যে বিভাগীয় শাস্তিৰ সন্মুখীন হৈছে জোৱানজন । ইতিমধ্য়ে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে বুলি এক বিভাগীয় সূত্ৰই সদৰি কৰিছে ৷

লগতে পঢ়ক:কোকৰাঝাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণত আহত এজন গৃহৰক্ষী জোৱান

ABOUT THE AUTHOR

...view details