অসম

assam

ETV Bharat / state

RPF Drive Against Fake Tickets : আৰপিএফৰ অভিযানত লক্ষাধিক মূল্যৰ অবৈধ টিকটসহ দালাল গ্ৰেপ্তাৰ - PRO of NF Railway

অবৈধ ৰে'লৱে টিকটৰ বিৰুদ্ধে আৰ পি এফৰ অভিযান (RPF drive against illegal railway tickets) । ১.১৫ লাখ টকা মূল্যৰ ৪১ টা টিকটসহ দালালক গ্ৰেপ্তাৰ ।

RPF
RPF

By

Published : Feb 18, 2023, 9:39 PM IST

গুৱাহাটী , ১৮ ফেব্ৰুৱাৰী : উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে (Railway Protection Force, RPF) গোপন তথ্যৰ পমখেদি ৰে'লৱে টিকটৰ অবৈধ বিক্ৰী ৰোধ কৰাৰ বাবে বিগত দিনকেইটাত অভিযান চলাই আহিছে (RPF drive against illegal railway tickets) । এই সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী (PRO of NF Railway) বিষয়া সব্যসাচী দে'য়ে জানিবলৈ দিয়া মতে, ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আৰু বিহাৰৰ কিষাণগঞ্জ আদিত চলোৱা অভিযানত ১.১৫ লাখ টকা মূল্যৰ ৪১ টা ৰে'লৱে ই-টিকট জব্দ কৰা হয় (fake railway ticket seized by RPF) ।

অবৈধ ৰে'লৱে টিকটৰ দালাল গ্ৰেপ্তাৰ আৰপিএফৰ

ঘটনা সন্দৰ্ভত খবিৰ আলম, কৃষ্ণ কুমাৰ শ্বাহ, দিলদাৰ হুছেইনসহ চাৰিজনক নগদ ধন, টিকট, মোবাইল ফোনসহ গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰ কৰা চাৰিজন দালালৰ বিৰুদ্ধে ভাৰতীয় ৰে'ল আইনৰ ১৪৩ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হয় । ১৫ ফেব্ৰুৱাৰীত বিহাৰৰ কিষাণগঞ্জৰ টাইবপুৰত অৱস্থিত এখন দোকানত অভিযান চলায় আৰু খবিৰ আলম নামৰ দালালজনক গ্ৰেপ্তাৰ কৰে । দলটোৱে ২৩ হাজাৰ টকাতকৈ অধিক মূল্যৰ ১৬ খন ই-টিকট জব্দ কৰে ।

আনহাতে, ১৬ ফেব্ৰুৱাৰীত মাৰ্ঘেৰিটা ৰে'ল ষ্টেচনৰ পিআৰএছ কাউণ্টাৰত ৰে'লৱে টিকটৰ দালালী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলায় । অভিযানত কৃষ্ণ কুমাৰ শ্বাহ নামৰ এটা দালালক আটক কৰে আৰু ০৯ টা ৰে'ল টিকট উদ্ধাৰ কৰে । যাৰ মূল্য ৪০ হাজাৰ টকাতকৈ অধিক । ধৃত শ্বাহৰ পৰা ২ টা বাতিল কৰা টিকট, এটা মোবাইল ফোন আৰু নগদ ৬,২৫০ টকা উদ্ধাৰ কৰে । একেদিনাই আন এটি ঘটনাত দিলদাৰ হুছেইন নামৰ এটা দালালক গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জানুৱাৰীলৈকে ৩২.৩৯ লাখ টকা মূল্যৰ ১১৩৪ টা ৰে'লৱে টিকট উদ্ধাৰৰ সৈতে ১১৩ জন দালালক গ্ৰেপ্তাৰ কৰি গোচৰ ৰজু কৰিছিল । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে ৰে'লৱে টিকটৰ অবৈধ বিক্ৰী প্ৰতিৰোধ কৰাৰ অৰ্থে দালালী কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ সতর্কতা ৰাখি আহিছে । উল্লেখ্য যে ৰে'ল আইনৰ ১৪৩ ধাৰাৰ অধীনত ৰে'লৱে টিকটৰ অনুমোদিত যোগান আৰু ক্ৰয় এক দণ্ডনীয় অপৰাধ ৷

লগতে পঢ়ক :Assam Govt in Debt : দুটা মাহতেই তিনি সহস্ৰাধিক কোটি টকাৰ ঋণ ল’লে অসম চৰকাৰে

ABOUT THE AUTHOR

...view details