অসম

assam

ETV Bharat / state

গেৰুৱা বসন ত্যাগ কৰি কংগ্ৰেছলৈ আৰ পি শৰ্মা - ৰাষ্ট্ৰীয় দল

দেওবাৰে গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিলে প্ৰাক্তন বিজেপি সাংসদ আৰ.পি শৰ্মাই ৷

বিজপিৰ আদৰ্শ ত্যাগ
বিজপিৰ আদৰ্শ ত্যাগ

By

Published : Mar 1, 2020, 4:36 PM IST

Updated : Mar 1, 2020, 6:48 PM IST

গুৱাহাটী, 1 মাৰ্চঃআজি কংগ্ৰেছত যোগদান কৰিলে বিজেপিৰ প্ৰাক্তন সাংসদ আৰ.পি শৰ্মাই ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিৰ প্ৰাক্তন সাংসদ গৰাকীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, মন্ত্ৰী অকন বৰা, ৰকিবুল হুছেইনলগতে কংগ্ৰেছ দলৰ শতাধিক নেতাৰ উপস্থিতিত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়ে আৰ.পি শৰ্মাই । ৰাজনীতি কৰিবলগীয়া থাকিলে ৰাষ্ট্ৰীয় দলত কৰিব লাগে সেয়েহে কংগ্ৰেছ দলত যোগদান কৰিলে বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷ লগতে বিজেপি বৰ্তমান বিজেপি হৈ থকা নাই ৷ বিজেপি খিচিৰি চৰকাৰ হৈ যোৱা বুলিও কয় কংগ্ৰেছৰ নতুন ৰাজনৈতিক নেতাআৰ.পি শৰ্মাই ৷

কংগ্ৰেছত যোগদান আৰ.পি শৰ্মাৰ
Last Updated : Mar 1, 2020, 6:48 PM IST

ABOUT THE AUTHOR

...view details