গুৱাহাটী, ১০ ছেপ্তেম্বৰ: লুইতৰ বুকুত সাঁতোৰ মাৰিবলৈ এইবাৰ অসমলৈ আহি আছে চাৰিখনকৈ বিশালকায় জাহাজ । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰণালয়ে ব্ৰহ্মপুত্ৰৰ বুকুৰে চলাচল কৰাৰ বাবে অসমলৈ প্ৰেৰণ কৰিছিল চাৰিখনকৈ বিশাল ৰ'ৰ' জাহাজ । কিন্তু ব্ৰহ্মপুত্ৰৰ বুকুৰ গভীৰতা ৰ'ৰ'ৰ বাবে উপযোগী নোহোৱাত এখন এখনকৈ চাৰিখনৰে বিজুতি ঘটে । ফলত কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰণালয়ে আটাইকেইখন ৰ'ৰ' ওভতাই নিবলৈ বাধ্য হয় ।
লুইতত সাঁতোৰ মাৰিবলৈ আহি আছে ৰ'পেক্স - কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰণালয়
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অতিৰিক্ত সঞ্চালক ৰাহুল দাসে ই টিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, অসমলৈ আহি আছে চাৰিখনকৈ বিশালকায় ৰ'পেক্স জাহাজ ।
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অতিৰিক্ত সঞ্চালক ৰাহুল দাসে ই টিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, উক্ত চাৰিখন ৰ'ৰ' জাহাজৰ পৰিৱৰ্তে এইবাৰ কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰণালয়ে অসমলৈ পঠিয়াইছে চাৰিখনকৈ ৰ'পেক্স জাহাজ । চাৰিওখনেই ইতিমধ্যে অসম অভিমুখে ৰাওনা হৈছে । তাৰ মাজৰ দুখন জাহাজ বুধবাৰে বাংলাদেশৰ চান্দপুৰত উপস্থিত হৈছে আৰু বৃহস্পতিবাৰে পুনৰ চান্দপুৰৰ পৰা অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছে । আন দুখন ৰ'পেক্স ইতিমধ্যে কলকাতাত উপস্থিত হৈছে । অনুমান কৰা হৈছে অহা দহ দিনৰ ভিতৰত চাৰিওখন ৰ'পেক্স আহি অসমত উপস্থিত হ'ব । ইয়াৰে দুখন ৰখা হ'ব মাজুলীত । আনহাতে আন দুখনৰ মাজত এখন ধুবুৰীত আৰু এখন গুৱাহাটীত ৰখা হ'ব । উল্লেখ্য যে একোখন ৰ'পেক্সৰ বহন ক্ষমতা হ'ল ৩৭ টন । প্ৰতিখন ৰ'পেক্স 200 যাত্ৰী, 2 খন ট্ৰাক আৰু 4 খন সৰু গাড়ী কঢ়িয়াব পৰাকৈ শক্তিশালী । অৱশ্যে পূৰ্বৰ ৰ'ৰ' জাহাজে কঢ়িয়াব পাৰিছিল একেলগে আঠখনকৈ ট্ৰাক ।
লগতে পঢ়ক:ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল ৰাফেল যুদ্ধ বিমান