গুৱাহাটী, 13 এপ্ৰিল :গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC Elections 2022) 52 নং বাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী গোকুল গোস্বামীৰ হৈ মঙলবাৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ চলায় । মঙলবাৰে বিয়লি প্ৰায় 5 বজাত নাৰেংগী ঔঘুলিস্থিত দেহাল থান প্ৰাংগণত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷
ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি চৰকাৰৰ দিনত গুৱাহাটীত দ্ৰুত উন্নয়ন হৈছে । বিজেপি চৰকাৰ অহাৰ পিছত গুৱাহাটীৰ পাহাৰে-ভৈয়ামে 98% ৰাস্তা-ঘাট নিৰ্মাণ কৰা হৈছে । তাৰোপৰি গুৱাহাটীবাসীৰ খোৱা পানীৰ সমস্যাও সমাধান কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে । তেওঁ লগতে কয় যে, গুৱাহাটী চহৰখনক ভাৰতবৰ্ষৰ অন্য উন্নত চহৰৰ ভিতৰত সৰ্বাংগ সুন্দৰ, জাকত-জিলিকা কৰাৰ বাবে চৰকাৰে বিভিন্ন পৰিকল্পনা হাতত লৈছে ৷ যান-যঁটৰ সমস্যাৰ পৰা গুৱাহাটীবাসীক কিছু সকাহ দিয়াৰ বাবে চৰকাৰে এইবাৰ লৈছে এটা বিশেষ পদক্ষেপ ৷
লগতে পঢ়ক :GMC Election 2022: কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি
খানাপাৰাৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব ৰোপৱে’ ৷ ইয়াৰ দ্বাৰা যাতে খানাপাৰাৰ পৰা আজাৰাস্থিত বিমান বন্দৰলৈ যাওঁতে গুৱাহাটীবাসীয়ে যান-যঁটৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে ৷ লগতে তেওঁ কয় যে, এনে ধৰণৰ ৰোপৱে’ সমূহত প্ৰায় এক লাখ লোকে আহ-যাহ কৰাৰ সুবিধা লাভ কৰিব ৷
তাৰোপৰি বামুণীমৈদামৰ পৰা গুৱাহাটী ক্লাবলৈ নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখন পৰৱৰ্তী 6-8 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে । এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে প্ৰতিখন আখনতেই জয়লাভ কৰিব বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে জি এম চিৰ নিৰ্বাচনত কংগ্ৰেছ সম্পূৰ্ণৰূপে উৎখাত হ’ব বুলি সদৰী কৰে ।