অসম

assam

ETV Bharat / state

Rojgar Mela 2023: দেশৰ বাবে উৎসৰ্গিত মনোভাৱ লৈ কাম কৰিবলৈ কৰ্মচাৰীক আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ - Ministry of Skill Development Entrepreneurship

মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ৰোজগাৰ মেলা ৷ 192 জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান ৷ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

Rojgar Mela 2023
দেশৰ বাবে উৎসৰ্গিত মনোভাৱ লৈ কাম কৰিবলৈ কৰ্মচাৰীক আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 4:15 PM IST

দেশৰ বাবে উৎসৰ্গিত মনোভাৱ লৈ কাম কৰিবলৈ কৰ্মচাৰীক আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

গুৱাহাটী, 26 ছেপ্টেম্বৰ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত হয় ৰোজগাৰ মেলা । কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত বিভিন্ন বেংক, ডাকসেৱা বিভাগ আৰু দূৰভাষ বিভাগৰ মুঠ 192 জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে । উক্ত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয় যে, ‘‘আজি নিযুক্ত পত্ৰ লাভ কৰা সকলৰ বাবে বিশেষ দিন ।’’ নিযুক্ত পত্ৰ লাভ কৰা সকলক দেশৰ বাবে উৎসৰ্গিত মনোভাৱ লৈ সেৱা কৰাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10 লাখ নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া তেওঁ আখৰে আখৰে পালন কৰিছে । বিজেপি চৰকাৰে যোৱা 9 বছৰত 9 লাখৰো অধিক নিযুক্তি দিবলৈ‌ সক্ষম হৈছে ।’’
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ কয় যে, 60 বছৰৰ শাসনকালত কংগ্ৰেছে দেশত কু-শাসন নমাই আনিছিল । দুৰ্নীতি-ভ্ৰষ্টাচাৰেৰে দেশত অৰাজক অৱস্থাৰ সৃষ্টি ‌কৰিছিল । দেশৰ অৰ্থনৈতিক ব্যৱস্থা ভাঙি পেলাইছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 9 বছৰত দেশৰ অৰ্থনীতি ৰক্ষা কৰিছে ৷

‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক বিশ্বৰ পাঁচখন শক্তিশালী দেশলৈ উন্নতিকৰণ কৰিলে । দেশত সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো শ্ৰেণীলোকক সৱলীকৰণ কৰি শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 9 বছৰে সততা আৰু নিষ্ঠাৰে দেশৰ জনগণক সেৱা কৰিছে। যাৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ।’’ এইদৰে ভাষণৰ প্ৰসংগত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:Karam Puja celebration:কলাক্ষেত্ৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কৰম উৎসৱ

ABOUT THE AUTHOR

...view details