গুৱাহাটী, 27 ছেপ্টেম্বৰঃমহানগৰীত চোৰৰ উপদ্ৰৱ ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ মালিগাঁৱত চোৰৰ লুটপাত ৷ মালিগাঁৱৰ ৩২(b) নম্বৰ ৰে’লৱে কোৱাৰ্টাৰত সংঘটিত কৰে চুৰিকাণ্ড। প্ৰথমে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি চাফাই অভিযান আৰম্ভ কৰে চোৰে। চোৰে প্ৰায় নগদ ৪০ হাজাৰ টকা,আ-অলংকাৰ আৰু বহু মূল্যৱান সামগ্ৰীলৈ লৈ যায়। সম্প্ৰতি জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সুবীৰ দাসে।
মালিগাঁৱত পুনৰ চুৰিকাণ্ড - Robbery
গুৱাহাটীত চোৰৰ চাফাই অভিযান ৷ নগদ ৪০ হাজাৰ টকা,আ-অলংকাৰৰ লগতে বহু মূল্যৱান সামগ্ৰীলৈ উধাও চোৰ ৷
মালিগাঁৱত পুনৰ চুৰিকাণ্ড
উল্লেখ্য যে,অঞ্চলটোত দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ আড্ডা ৷ যাৰ বাবে চুৰি-ডকাইতি আদিৰ দৰে ঘটনা অধিক সংঘটিত হ'বলৈ ধৰিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। আনহাতে আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈ সন্তুষ্ট নহয় স্থানীয় বাসিন্দা। জালুকবাৰী আৰক্ষী থানাৰ নিচেই কাষতে সংঘটিত হোৱা চুৰিকাণ্ডৰ ঘটনাই উদঙাইছে নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ।