অসম

assam

ETV Bharat / state

মালিগাঁৱত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা

মালিগাঁও চাৰিআলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । দুচকীয়া বাহনত অহা দুই দুৰ্বৃত্তই মাৰধৰ কৰি এজন বিএছএফ জোৱানৰ পৰা লুটি নিয়ে সোণৰ চেইন, মোবাইল । জোৱানজনৰ নাম জীতেন ৰাজ বুলি জানিব পৰা গৈছে ।

মহানগৰীত দুৰ্বৃত্তই বিএছএফ জোৱানক কামুৰি লুটিলে সোণৰ চেইন

By

Published : Nov 8, 2019, 1:23 AM IST

মালিগাঁও, 7 নৱেম্বৰঃ বৃহস্পতিবাৰে মহানগৰীৰ মালিগাঁও চাৰিআলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । দুচকীয়া বাহনত অহা দুই দুৰ্বৃত্তই মাৰধৰ কৰি এজন বিএছএফ জোৱানৰ পৰা লুটি নিয়ে সোণৰ চেইন, মোবাইল । জোৱানজনৰ নাম জীতেন ৰাজ বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মালিগাঁৱত । পিছত স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰে দীজেন পেগু নামৰ এজন উদণ্ড যুৱকক ।

মহানগৰীত দুৰ্বৃত্তই বিএছএফ জোৱানক কামুৰি লুটিলে সোণৰ চেইন
ইফালে, ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৰমেন্দ্ৰ দাস নামৰ আন এজন যুৱক । সম্প্ৰতি জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে । দুই দুবৃত্তই বিএছএফ জোৱানজনৰ গাত কামুৰি লৈ যায় সামগ্ৰীখিনি । বৰ্তমান ভুক্তভোগী বিএছএফ জোৱান জীতেন ৰাজে দাখিল কৰিছে এজাহাৰ । আনহাতে ধৃত দীজেন পেগুৱে এই ঘটনা অস্বীকাৰ কৰিছে যদিও আৰক্ষীয়ে দুয়োটাৰে ভাষ্য সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

...view details