অসম

assam

By

Published : Feb 26, 2020, 6:43 PM IST

ETV Bharat / state

মহানগৰীত গৃহস্থৰ ঘৰৰ পৰা ১০ লক্ষাধিক টকাৰ সোণ লৈ উধাও বনকৰা যুৱক

ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰায় ১০ লক্ষাধিক টকাৰ সোণ লৈ উধাও হয় মহানগৰীৰ কামাখ্যা গেটৰ পুতুল দাস নামৰ লোকজনৰ ঘৰৰ প্ৰদীপ দাস নামৰ বনকৰা যুৱকজনে ৷ ৩৮০/২০ নম্বৰত ৰুজু কৰা গোচৰৰ ভিত্তিত বুধবাৰে জালুকবাৰী আৰক্ষীয়ে দক্ষিণ কামৰূপৰ মিৰ্জাত অভিযান চলাই প্ৰদীপ দাস নামৰ অভিযুক্ত গৰাকীক গ্ৰেপ্তাৰ কৰে ৷

১০ লক্ষাধিক টকাৰ সোণ লৈ উধাও বনকৰা যুৱক
১০ লক্ষাধিক টকাৰ সোণ লৈ উধাও বনকৰা যুৱক

মালিগাঁও, 26 ফেব্ৰুৱাৰীঃ মহানগৰীত পুনৰ ডকাইতৰ ৰূপত বনকৰা যুৱক ৷ এইবাৰ মহানগৰীৰ কামাখ্যা গেটৰ পুতুল দাস নামৰ লোকজনৰ ঘৰত লুটপাত কৰিলে বনকৰা যুৱকে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰায় ১০ লক্ষাধিক টকাৰ সোণ লৈ উধাও হয় প্ৰদীপ দাস নামৰ এজন যুৱকজন ৷ উপায়ন্তৰ হৈ জালুকবাৰী আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালটোৱে ৷ পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষী থানাত ৩৮০/২০ নম্বৰত এটা গোচৰ ৰুজু কৰে ৷ এজাহাৰৰ ভিত্তিত বুধবাৰে জালুকবাৰী আৰক্ষীয়ে দক্ষিণ কামৰূপৰ মিৰ্জাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰদীপ দাস নামৰ অভিযুক্ত গৰাকীক ৷

মহানগৰীত ১০ লক্ষাধিক টকাৰ সোণ লৈ উধাও বনকৰা যুৱক

ABOUT THE AUTHOR

...view details