অসম

assam

ETV Bharat / state

মালিগাঁও গোশালাত পুনৰ ডকাইতিৰ চেষ্টা - ROBBERY ATTEMPT FOILED IN MALIGAON

মালিগাঁওৰ গোশালা চাটেলগেটত ডকাইতি কাণ্ড । বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিয়াৰ চেষ্টা কৰে এগৰাকী মহিলাৰ বেগ । বেগ কাঢ়ি লৈ যোৱা অৱস্থাত মাটিত পৰি আঘাতপ্ৰাপ্ত মহিলাগৰাকী ।

মালিগাঁৱত মহিলাৰ ধনৰ বেগ লৈ যোৱাৰ চেষ্টা দুৰ্বৃত্তৰ

By

Published : Oct 24, 2019, 10:47 PM IST

মালিগাঁও, 24 অক্টোবৰ: পুনৰ মহানগৰীৰ মালিগাঁও গোশালা চাটেলগেটত ডকাইতি কাণ্ড । বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিয়াৰ চেষ্টা কৰে এগৰাকী মহিলাৰ বেগ । বেগ কাঢ়ি লৈ যোৱা অৱস্থাত মাটিত পৰি আঘাতপ্ৰাপ্ত মহিলাগৰাকী । মহিলাগৰাকীয়ে বেংকৰ পৰা ৪০ হাজাৰ টকা ওলাই লৈ আহিছিল বেগটোত । সৌভাগ্যক্ৰমে স্থানীয় ৰাইজৰ তৎপৰতাত বেগটো নিবলৈ সক্ষম নহয় দুৰ্বৃত্ত । মহিলাগৰাকীৰ নাম হাছিনা বেগম বুলি জানিব পৰা গৈছে । আহত মহিলাগৰাকীক ৰেলৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উল্লেখযোগ্য যে, বুধবাৰেও একেখিনি স্থানতে সংঘটিত হৈছিল চুৰিকাণ্ড । কিন্তু ইমানৰ পিছতো গভীৰ নিদ্ৰাত গোশালা আৰক্ষী । যাৰ বাবে গোশালা আৰক্ষীৰ ওপৰত ক্ষোভত ফাটি পৰে স্থানীয় ৰাইজ ।

মালিগাঁৱত মহিলাৰ ধনৰ বেগ লৈ যোৱাৰ চেষ্টা দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details