গুৱাহাটী, 6 ছেপ্তেম্বৰ : শনিবাৰে মহানগৰীৰ জালুকবাৰীত সংঘটিত হ'ল এক দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল এখন চাৰিচকীয়া সৰু বাহন ৷
জানিব পৰা মতে, বাহনৰ গৰাকীয়ে সন্মূখৰে পাৰ হৈ যোৱা এখন মটৰ চাইকেলক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে গৈ বোকাময় এটা খাৱৈত । অৱশ্যে, দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাহনৰ চালকজন ।
জালুকবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই একাঠু বোকাত চাৰিচকীয়া বাহন ঘটনাৰ কিছু সময় পিছতে জালুকবাৰীৰ যানবাহন শাখাৰ আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে বাহনখন । আৰক্ষীৰ দলটোৱে সামান্য আঘাতপ্ৰাপ্ত চালকজনকো চিকিৎসালয়লৈ নি প্ৰদান কৰালে প্ৰাথমিক চিকিৎসা ৷
উল্লেখযোগ্য যে, অঞ্চলটোৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কোনো ৰেলিং নথকাৰ বাবে এনেদৰে প্ৰায়েই দ খাৱৈত সোমাই আহিছে বহু বাহন ।
লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ মেক মোহন লাইনৰ সমীপত চীনা সৈন্যৰ পথ নিৰ্মাণ : বিধায়ক নিনং এৰিং