গুৱাহাটী,৭ অক্টোবৰ :ৰাজ্য চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে শাৰদীয় দুর্গোৎসৱৰ আনন্দ-উলাহৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ৬৪৩ টা পথ দুর্ঘটনা (643 road accidents in Assam at the time of puja)। উৎসৱ-পাৰ্বন আদিৰ সময়ত স্বাভাৱিক সময়তকৈ পথ দুৰ্ঘটনা বৃদ্ধি পায় যদিও চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল । তাৰ পাছতো দুৰ্গা পূজাৰ সময়ত ৬৪৩ টা পথ দুৰ্ঘটনা ৰাজ্যত সংঘটিত হয় ।
অৱশ্যে পথ দুৰ্ঘটনাৰ এই তথ্য মৃত্যুঞ্জয় ১০৮ সেৱাৰ (Road accident data of Mrityunjoy 108)। পথ দুৰ্ঘটনাৰ এই সংখ্যা আৰু অধিক হ'ব । কাৰণ ১০৮ সেৱাৰ যোগেদি ৬৪৩ টা দুৰ্ঘটনাৰ ক্ষেত্রত সেৱা আগবঢ়োৱা হৈছিল ।
ষষ্ঠীৰ পৰা দশমীলৈ ৭৫ টা পথ দুর্ঘটনাৰে শীৰ্ষত আছে কামৰূপ জিলা (Highest road accident in Kamrup during puja)। দুর্গা পূজাৰ সময়ত গুৱাহাটী মহানগৰীত ২৬ টাকৈ পথ দুর্ঘটনা সংঘটিত হৈছে । মৃত্যুঞ্জয়-১০৮ সেৱাৰ তথ্য অনুসৰি দুর্গোৎসৱৰ সময়ত ৰাজ্যত ষষ্ঠীৰ দিনা ৭৭ টা, সপ্তমীৰ দিনা ১১৯ টা, অষ্টমীৰ দিনা ১২৮ টা, নৱমীৰ দিনা ১৭২ টা আৰু দশমীৰ দিনা ১৪৭ টা দুৰ্ঘটনা সংঘটিত হৈছে ।