অসম

assam

ETV Bharat / state

বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

পুনৰ পানীৰ তলত অসমৰ কেইবাখনো জিলা ৷ বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ, কপিলী আৰু জীয়া ভৰলী ৷ এতিয়ালৈকে 12 খন জিলা বানৰ গ্ৰাসত ৷ 27,869.30 হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত ৷

By

Published : Sep 30, 2020, 3:38 PM IST

বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ
বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

নিউজ ডেস্ক, 30 চেপ্তেম্বৰ: বছৰৰ চতুৰ্থটো বানৰ কবলত অসম ৷ অসমৰ কেইবাখনো জিলা পুনৰ পানীৰ তলত ৷ বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ ৷ অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি নিমাতীঘাট, তেজপুৰ, গুৱাহাটী আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে ৷ ইয়াৰ বিপৰীতে শোণিতপুৰৰ এনটি ৰোড ক্ৰচিং ত জীয়া ভৰলী; কামপুৰ আৰু ধৰমতুলত কপিলী নদী বিপদ সীমাৰ ওপৰেৰে বৈছে ৷

তথ্য অনুসৰি এতিয়ালৈকে 12 খন জিলা বানৰ গ্ৰাসত পৰিছে ৷ এই জিলা সমূহৰ ভিতৰত আছে ধেমাজী, বিশ্বনাথ, গোৱালপাৰা, কামৰূপ, হোজাই, মৰিগাঁও, নগাঁও, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং ৷ 14 টা ৰাজহ চক্ৰৰ বিপৰীতে 455 খন গাঁও আৰু 2,90,990 সংখ্যক লোক এই বানৰ কবলত পৰিছে ৷

বানত আৰ্তজনক সহায় কৰাৰ বাবে এতিয়ালৈকে স্থাপন কৰা দুটা ৰিলিফ কেম্পত মুঠ 117 গৰাকী লোক আছে ৷ এতিয়ালৈকে এই বানত কোনো লোকৰ প্ৰাণ হানি হোৱা নাই যদিও 27,869.30 হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে ৷ গোৱালপাৰাৰ তিনিখন গাঁৱৰ 115 হেক্টৰ কৃষিভূমি বানে ক্ষতিগ্ৰস্ত কৰাৰ বিপৰীতে কোকৰাঝাৰত 50 খন গাঁৱৰ 362.22 হেক্টৰ, মৰিগাঁৱত 4 খন গাঁৱত 60 হেক্টৰ, নগাঁৱত 19 খন গাঁৱত 405 হেক্টৰ আৰু গোলাঘাটৰ 9 খন গাঁৱত 262 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷

ক'ৰণা অতিমাৰীৰ পৰিপ্ৰেক্ষতিত বজাৰত বস্তুৰ দামে আকাশলংঘী মূল্য স্পৰ্শ কৰাৰ পাছতে পুনৰ বানৰ এই তাণ্ডৱৰ ফলত হোৱা বিস্তৰ ক্ষতিসাধনে অনাগত দিনত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে তাকে লৈ এতিয়া বহুজনে চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:SI কেলেংকাৰীৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details