অসম

assam

ETV Bharat / state

Price hike in Assam : মূল্যবৃ্দ্ধিত কোঙা হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ লোক - মূল্যবৃ্দ্ধিত কোঙা হৈছে ৰাজ্যৰ সৰ্ব সাধাৰণ লোক

হোৰাহোৰে বৃদ্ধি পাইছে ঔষধ, শিশুৰ খাদ্য সামগ্ৰীৰ লগতে নিৰ্মাণৰত সামগ্ৰীৰ দাম (Rising prices of daily uses products) ৷ কোঙা হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ লোক ৷ ইমানৰ পিচতো গুৰুত্ব নাই চৰকাৰৰ । এই অভিযোগ সৰ্বসাধাৰণ ৰাইজৰ ৷

Rising prices of daily uses products in Assam
ৰাজ্যত পুনৰ মূল্যবৃদ্ধি

By

Published : Dec 18, 2022, 6:20 PM IST

ৰাজ্যত পুনৰ মূল্যবৃদ্ধি

গুৱাহাটী, ১৮ ডিচেম্বৰ :পুনৰ বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ দাম (Prices of medicines have gone up)। জনতাৰ মূৰত মাধমাৰ সোধাই ঔষধৰ পৰা আদি কৰি শিশু খাদ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী ইত্যাদিৰ দাম বৃদ্ধি পাইছে (Price hike in Assam)। ইফালে ক’ভিডকালিন সময়ত অধিকাংশ লোকৰে আয় নিম্নগামী হৈছিল ।

তদুপৰি আন বহু লোক নতুনকৈ দৰিদ্ৰ সীমাৰেখাৰ তললৈ গতি কৰিছে ৷ তেনে সময়তে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পোৱাl সৰ্বসাধাৰণ লোকে জীৱন যাপন কৰাত অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে । কেতবোৰ ঔষধৰ দাম সামান্য হ্ৰাস পালেও চলিত বৰ্ষৰ মাৰ্চ মাহত অধিকাংশ অত্যাৱশ্যকীয় ঔষধৰ দাম ১০.৭৭ শতাংশ পর্যন্ত বৃদ্ধি হৈছিল । তাৰ পাচৰে পৰা এটাৰ পাচত আন এটা প্ৰয়োজনীয় ঔষধৰ দাম দিনক দিনে বৃদ্ধি হৈছে ।

দৈনিক ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দামে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ মাজতে শেহতীয়েকৈ আকৌ হোৰাহোৰে বৃদ্ধি পাইছে ঔষধ, শিশু খাদ্য সামগ্ৰীৰ লগতে নিৰ্মাণ সমাগ্ৰীৰ দামো । শিশু খাদ্যত ২০% বৃদ্ধি হোৱাৰ লগতে কেইবাবিধো ঔষধত ১৫% লৈ দাম বৃদ্ধি হৈছে । বিশেষকৈ এণ্টিবায়টিক, ডায়েবেটিচ, হৃদৰোগৰ দৰৱৰ মূল্যবৃদ্ধি পাইছে ৷

শিশু খাদ্য প্ৰস্তুতকাৰী কোম্পানী চেৰেলেক ৰাইছৰ প্ৰতি পেকেটৰ দাম বৃদ্ধি হৈ ২২৫ টকাৰ পৰা ২৩৪ টকা পৰ্যন্ত হৈছে ৷ লগতে নেন গ্ৰ’ৰ দাম ৫৫০ টকাৰ পৰা ৫৮৫ টকালৈ হোৱাৰ বিপৰীতে লেকট’জেনৰ দাম ৩৭০ টকাৰ পৰা ৩৯৫ টকালৈ বৃদ্ধি হৈছে । একাংশ কোম্পানীয়ে নিজৰ মুনাফা আদায়ৰ স্বাৰ্থত ময়মতালিৰে দৰৱ, শিশু খাদ্য আদিৰ দাম বৃদ্ধি কৰা বুলিও অভিযোগ উত্থাপিত হৈছে । সেয়েহে ৰাইজৰ প্ৰতি দৃষ্টি ৰাখি ঔষধ আৰু শিশু খাদ্যৰ মূল্য হ্ৰাস কৰিবলৈ চৰকাৰক সাধাৰণ ৰাইজে আহ্বান জনাইছে ।

আনহাতে, ক্ৰমাৎ নিৰ্মাণ সামগ্ৰীৰো দাম বৃদ্ধি পাইছে । বৃদ্ধি পাইছে ইটা, শিল, বালি, চিমেণ্ট, লোহা আদি নিৰ্মাণ সামগ্ৰীৰ দাম । পূৰ্বতে এক ট্ৰাক ইটাৰ মূল্য আছিলে ২৫-২৬ হাজাৰ টকা । সেই ইটা ডিচেম্বৰৰ প্ৰথম ভাগৰ পৰা হৈছেগৈ ৩১-৩৩ হাজাৰ টকা । প্ৰতিটো ইটাৰ মূল্য হৈছেগৈ ১৩ টকা । যাৰ ফলত গ্ৰাহকৰ মূৰত ৰাম টাঙোন পৰিছে (Rising prices of daily uses products)। ঔষধ, নিৰ্মাণ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ চিন্তিত হৈ পৰিছে গ্ৰাহক ।

ইফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যেনে চাউল, দাইল, আলু-পিঁয়াজ আদি সামগ্ৰীৰ দাম হ্ৰাস হোৱাৰ যেন কোনো উমঘামেই নাই । মহানগৰীৰ বজাৰত ৫০ টকাৰ তলত কোনো এবিধ শাক-পাচলি পাবলৈ নাই । ইমানৰ পিচতো গুৰুত্ব নাই চৰকাৰৰ । এই অভিযোগ সৰ্বসাধাৰণ ৰাইজৰ ৷

লগতে পঢ়ক :Moran Kingdom: মৰাণ ৰজা ‘জৰোচা’ৰ সংৰক্ষিত স্থানত নামফলক স্থাপন

ABOUT THE AUTHOR

...view details