গুৱাহাটী, ৮ জুলাইঃ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে অসমৰ এগৰাকী কণমানি। গুৱাহাটীৰ বাৰোৱাৰীৰ ঋষিকা সিনহা নামৰ কণমানি গৰাকীয়ে জী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' ডাঞ্চ ইণ্ডিয়া ডাঞ্চ, বেটেল অফ চেম্পিয়নৰ টপ ৮ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে । সৰুৰে পৰাই নৃত্য কৰি ভাল পোৱা ৠষিকা মহানগৰীৰ ২নং হেঙেৰাবাৰী এল পি স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী । ইফালে অতি দৰিদ্ৰ পৰিয়ালৰ কণমানিগৰাকীক দিলীপ ডাঞ্চ একাডেমীত বিনামূলীয়াকৈ নৃত্য প্ৰশিক্ষণৰ সুবিধা কৰি দিছিল কেন্দ্ৰটোৰ স্বত্বাধিকাৰী দিলীপ মাহাতোই । সেয়ে ৠষিকাৰ পিতৃয়ে দিলীপ মাহাতোৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰতিজন কৰ্মকৰ্তাক ধন্যবাদ জনাইছে । লগতে কণমানি গৰাকীয়ে যাতে প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়লৈ যাব পাৰে তাৰ বাবে অসমবাসীৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছে ।
ডাঞ্চ ইণ্ডিয়া ডাঞ্চত জিলিকিছে অসমৰ ঋষিকা - rwishika singha
জী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' ডাঞ্চ ইণ্ডিয়া ডাঞ্চ, বেটেল অফ চেম্পিয়নৰ টপ ৮ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ ঋষিকা
ডাঞ্চ ইণ্ডিয়া ডাঞ্চত জিলিকিছে অসমৰ ঋষিকা