অসম

assam

ৰিপুণ বৰাৰ তালিকাই জ্বলাইছে কংগ্ৰেছ: ভূপেন বৰাক জৰুৰী তলব

By

Published : Apr 22, 2022, 2:22 PM IST

ৰিপুন বৰাই কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই কংগ্ৰেছত এতিয়া হাঁহাকাৰ লাগিছে(Ripun Bora Resigns Congress) । এখন পত্ৰই তোলপাৰ লগাইছে ৰাজীৱ ভৱনত । কি আছে বিশেষ পত্ৰখনত ?

ripun bora secret letter
ৰিপুণ বৰাৰ তালিকাই জ্বলাইছে কংগ্ৰেছঃ ভূপেন বৰাক জৰুৰী তলব

গুৱাহাটী,২২ এপ্ৰিল: হনুমানে লংকা জ্বলাই গুছি অহাৰ দৰে যেন ৰিপুণ বৰায়ো প্ৰদেশ কংগ্ৰেছৰ বৰঘৰত জুই দি আতৰি গল ! দুই পৃষ্ঠাৰ যি পদত্যাগ পত্ৰ তেওঁ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰিছিল সেয়া তেওঁ ৰাজহুৱা কৰিছিল ঠিকেই, কিন্তু তাৰ লগতে তেওঁ এখন তালিকাও কংগ্ৰেছৰ পৰা বিদায় লোৱাৰ প্ৰাকমুহূৰ্তত দলটোৰ শীৰ্ষ নেতৃত্বলৈ পঠিয়াইছিল(Ripun Bora on internal clashes in congress) ।

যিখন তালিকা আছিল অত্যন্ত গোপনীয় বা "কনফিডেঞ্চিয়েল"(Ripun Borah sent secret letter to congress high command)। সেই তালিকা এইকাৰণেই কনফিডেঞ্চিয়েল কিয়নো তাত ৰিপুণ বৰাই কেতবোৰ প্ৰামাণিক তথ্য সহকাৰে প্ৰদেশ কংগ্ৰেছৰ কেইগৰাকীমান শীৰ্ষ পদবীধাৰী, কেইজনমান বিধায়ক আৰু সাংসদৰ নাম উল্লেখ কৰিছে যিসকলে এতিয়াও কংগ্ৰেছত থাকি বিজেপি আৰু মুখ্যমন্ত্ৰীৰ সৈতে মধুৰ সম্পৰ্ক আৰু যোগাযোগ ৰক্ষা কৰি চলিছে আৰু গেৰুৱা দলটোক ভিতৰুৱাকৈ সহায় কৰি আহিছে ।

সেই তালিকা কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই লাভ কৰাৰ পিছতে এতিয়া নিখিল ভাৰত কংগ্ৰেছ কমিটি (AICC) ত হাহাকাৰ লাগিছে । এই তালিকাৰ বিষয়ে স্বীকাৰো কৰিছে সদ্য কংগ্ৰেছত্যাগী ৰিপুণ বৰাই ।

শুকুৰবাৰে ৰিপুণ বৰাই ই টিভি ভাৰতক ক'লে- " হয়, মই তেনেকুৱা এখন তালিকা কংগ্ৰেছ ত্যাগ কৰি অহাৰ সময়ত দি থৈ আহিছো । সেই বিষয়ে মই এতিয়া বিশেষ মন্তব্য কৰিব নোখোজো । কিয়নো সেই দলটো মই এতিয়া এৰি থৈ আহিছো । বাকীখিনি কংগ্ৰেছ হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰিছে । "

কাৰ কাৰ নাম আছে সেই তালিকাত ? এই প্ৰশ্নৰ উত্তৰ দিলে ৰিপুণ বৰাই এনেদৰে - " সেয়া মই কেতিয়াও ৰাজহুৱা নকৰো । মোৰ বিবেকে তেনে কৰিবলৈ নকয় । মই মাথো মোৰ ক’বলগীয়াখিনি কৈ থৈ আহিছো । "

স্বাভাৱিকতে ৰিপুণ বৰাৰ এই তালিকাই এতিয়া প্ৰদেশ কংগ্ৰেছৰ বৰঘৰত জুই দিয়াৰ দৰে হৈছে । এই তালিকা পোৱাৰ পিছতেই তাৎপৰ্যপূৰ্ণ ভাবে এ আই চি চিৰ শীৰ্ষ নেতৃত্বই জৰুৰী তলব কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক । যাৰবাবে বৃহস্পতিবাৰে বিয়লি তৰানৰা চিঙি ভূপেন বৰা গুৱাহাটীৰ পৰা ৰাওনা হৈছে দিল্লীলৈ ।

লগতে পঢ়ক:উচ্চ শিক্ষিত হৈ ভোটাধিকাৰ সাব্যস্ত নকৰাসকল দেশদ্ৰোহী : ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী

ABOUT THE AUTHOR

...view details