অসম

assam

By

Published : Nov 22, 2022, 9:09 PM IST

ETV Bharat / state

Assam Meghalaya conflict: মেঘালয়ক মাটি এৰি দিয়াৰ বাহিৰে কি কৰি দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই ? ৰিপুণ বৰাৰ প্ৰশ্ন

অসম-মেঘালয় সীমান্তত পুনৰ বিবাদ সংঘটিত হোৱাৰ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই(Assam pradesh congress president Ripun Bora) । তীক্ষ্ণ ভাষাৰে সমালোচনা কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক ৷

Ripun Borah reactions on Assam Meghalaya border conflict
Assam Meghalaya conflict:

গুৱাহাটী,22 নৱেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাই কেৱল ফটো তোলাৰহে ৰাজনীতি কৰিব পাৰে ৷ অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনাময় পৰিস্থিতি সৃষ্টি হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই(Assam Pradesh Congress President Ripun Bora) । সীমান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে পুনৰ অসম-মেঘালয় সীমান্তত সৃষ্টি হোৱা বিবাদত তৃণমূল কংগ্ৰেছ উদ্বিগ্ন হৈ পৰিছে ।

মুখ্যমন্ত্ৰীলৈ ৰিপুণ বৰাৰ প্ৰশ্ন

আজিৰ ঘটনাত কেইবাজনো লোক নিহত হোৱাত তৃণমূল কংগ্ৰেছে দুখ প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মেঘালয় চৰকাৰৰ সৈতে বাৰাম্বাৰ আলোচনাত মিলিত হৈ মেঘালয়ৰ নেতা-মন্ত্ৰীৰে সৈতে ফটো তুলি পৰিস্থিতি সঠিক হোৱা বুলি জনসাধাৰণৰ মাজত আভুৱা ভাৰিবলৈ চেষ্টা কৰি আহিছে যদিও বাস্তৱত তাৰ সম্পূৰ্ণ ওলোটা ছবি এখন প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে বুলি কয় তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে(Ripun Bora reactions on Assam Meghalaya border conflict) ।

আজি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাৰ বলি অসমৰ গৃহৰক্ষী জোৱানো হ'বলগীয়া হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । মেঘালয়ত বিজেপিৰে মিত্ৰ চৰকাৰ থকাৰ পাছতো বিবাদ নিষ্পত্তি কৰিব নোৱাৰাটোৱে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তথাকথিত আলোচনাবোৰ যে কেৱল ফটো তুলিবলৈহে, সেয়া পুনৰ স্পষ্ট হৈ পৰিছে বুলি কয় সভাপতিগৰাকীয়ে । আলোচনাৰ নামত কেৱল অসমৰ মাটি মেঘালয়ক এৰি দিয়াৰ বাহিৰে কি কৰি দেখুৱাইছে বুলি হিমন্ত বিশ্ব শৰ্মাক জবাবদিহি কৰে সভাপতিগৰাকীয়ে ।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অশান্তি বিয়পাই ৰাখি আবেগভৰা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ৰাজনৈতিক ক্ষমতা নিজৰ দখলত ৰখাৰ অংকতহে সদা ব্যস্ত জনবিৰোধী বিজেপি দল বুলি অভিযোগ উত্থাপন কৰে ৰিপুণ বৰাই ৷ কেন্দ্ৰই বিবাদৰ মীমাংসা হোৱাটো নিবিচাৰে বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰে । কেন্দ্ৰই সমস্যাৰ সমাধান নিবিচাৰি চলাই অহা কুটিল ৰাজনীতিৰ বাবে নিৰীহ লোক বলি হ'বলগীয়া হৈছে বুলি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে ৰিপুণ বৰাই ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী নেডাৰ আহ্বায়ক হৈ থকাৰ সময়তো অঞ্চলটোৰ বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত একো কৰিব নোৱাৰিলে ৷ নিজৰ শাসনাধিষ্ঠিত ৰাজ্যখন নানানটা জলন্ত সমস্যাৰে ককবকাই থকাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ অন্য ৰাজ্যলৈ গৈ বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে নিজকে সফল হিচাপে দাঙি ধৰাৰ হাস্যকৰ প্ৰয়াস কৰে বুলিও কয় ৰিপুণ বৰাই ।

আজি অসম-মেঘালয়ত সীমান্তত অসমৰ নিৰাপত্তাৰক্ষী বা অসমীয়া লোক নিৰাপত্তাহীনতাত দিন কটাবলগীয়া পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰে । আমি তৃণমূল কংগ্ৰেছ দলে অসম-মেঘালয় সীমান্তৰ বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ ল'বলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনালো । বিজেপিৰ এজেণ্ডা পূৰণত সহায় কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ(Home minister Amit Shah) বিশ্বাসভাজন হৈ ৰাজনৈতিক মুনাফা আদায়ৰ নিকৃষ্ট চেষ্টা কৰাৰ বিপৰীতে ৰাজহাড় পোন কৰি হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ নিৰাপত্তাৰ বিষয়টোক আগস্থান দিবলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

কৰ্মৰত বন বিভাগৰ জোৱানে দায়িত্ব পালন কৰি থকাৰ সময়তে অসম-মেঘালয় সীমান্তত মেঘালয়ৰ শ শ লোকে ষাঠি-দা লৈ আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ বিষয়টোৱে বহুত প্ৰশ্নৰ উদ্ৰেক কৰিছে বুলিও সভাপতিগৰাকীয়ে কয় ।

লগতে পঢ়ক:Gujarat Election: বিজয় নে আসনৰ নতুন অভিলেখ ? মোদীৰ গুজৰাটত বিজেপিয়ে কি বিচাৰে

ABOUT THE AUTHOR

...view details