গুৱাহাটী , 5 জুনঃ দিল্লীৰ পৰা উভতি আহি ১৪ দিন হোম কোৱাৰেইণ্টাইনত থকাৰ পিছত শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক আক্ৰমণ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷ লক ডাউনৰ গইনা লৈ ৰাজ্যত চৰকাৰে কয়লাৰ চিণ্ডিকেট চলাই থকাৰ ভয়ংকৰ অভিযোগ সভাপতি গৰাকীৰ ৷
দিহিং-পাটকাই বৰ্ষাৰণ্য আৰু ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদান কৰি এফালে বিজেপিয়ে বন ধ্বংস চলাইছে আৰু আনফালে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰোপণ কৰিছে ৷ বিজেপিৰ বহু নেতা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে কয়লা চিণ্ডিকেটৰ লগত ৷ বিজেপিয়ে অসমবাসীক মূৰ্খ সজাই সাপ হৈ খুটিছে,বেজ হৈ জাৰিছে বুলি বিজেপি দলক কটাক্ষ সাংসদ তথা সভাপতি গৰাকীৰ ৷ লগতে সভাপতি গৰাকীয়ে উল্লেখ কৰে যে,২০০৩ চনত দিহিং-পাটকাইত কয়লা খননৰ চুক্তি শেষ হৈছিল আৰু সেই সময়ত কেন্দ্ৰত থকা অটল বিহাৰী বাজপেয়ীৰ বিজেপি চৰকাৰখনে কয়লা খননৰ ম্যাদ বৃদ্ধি কৰিবলৈ অসম চৰকাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও তৰুণ গগৈয়ে দিহিং-পাটকাইত কয়লা খননৰ অনুমতি প্ৰদান কৰা নাছিল ।