অসম

assam

ETV Bharat / state

ASTC employee dismissal: ৭৭১ গৰাকী কৰ্মচাৰীক শীঘ্ৰে পুনঃ মকৰলৰ বাবে চৰকাৰক দাবী ৰিপুন বৰাৰ - ASTC scam news

অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক হঠাৎ বৰ্খাস্ত কৰা ঘটনাক লৈ অব্যাহত আছে উত্তেজনা ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত বহা কৰ্মচাৰী সন্থাৰ কাষত ঠিয় দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ চৰকাৰৰ বিৰুদ্ধে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ (Ripun Bora slams Assam govt) ৷

ASTC employee dismissal
ASTC employee dismissal

By

Published : Jun 2, 2023, 7:43 PM IST

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

গুৱাহাটী, ২ জুন: অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বিজেপি চৰকাৰে হঠাৎ চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যৰ বিৰুদ্ধে পৰিবহন কৰ্মচাৰী সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী ৷ শুকুৰবাৰে এই কাৰ্যসূচীত অংশ লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই (ASTC employee dismissal)।

নিজৰ বক্তব্যত সভাপতি বৰাই অসম পৰিবহন নিগমৰ পৰা বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক শীঘ্ৰে পুনৰ চাকৰিত মকৰল কৰাৰ দাবী জনায় । তেওঁ লগতে বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিক কঠোৰ সমালোচনা কৰি কোনোবা পুঁজিপতিক পৰিবহন নিগমৰ ভূমি গতোৱাৰ অভিসন্ধি কৰা বুলি অভিযোগ কৰে (Ripun Bora slams Assam govt) ।

বিজেপি চৰকাৰখনে জনতাৰ মৰ্মবেদনা নুবুজে বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতগৰাকীয়ে । এই বিষয়ত সভাপতি বৰাই পৰিবহন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদলৈ অসম তৃণমূল কংগ্ৰেছৰ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে (Dismissal of 771 employees of ASTC) ।

লগতে পঢ়ক:ASTC Scam: আনন্দ প্ৰকাশ তিৱাৰীক গ্ৰেপ্তাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ

অনশনথলীত বক্তব্য ৰাখি দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বিজেপি চৰকাৰে পৰিবহন নিগমৰ কৰ্মচাৰীসকলৰ নিযুক্তি অবৈধ আছিল বুলি যুক্তি দি ছাটাই কৰাৰ পূৰ্বে নিযুক্তিৰ সময়ত দায়িত্বত থকা নিগমৰ অধ্যক্ষ, পৰিচালন সঞ্চালক আৰু পৰিবহন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰি দেখুৱাবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় । বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক পুনৰ মকৰল নকৰা পৰ্যন্ত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে শৰ্মাই (ASTC employees protest in Assam) ।

পল্টন বজাৰৰ পৰিবহন নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ, কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ কেইবাগৰাকীও দলীয় নেতা-সদস্য উপস্থিত থাকে (ASTC scam news)।

উল্লেখ্য যে, নিযুক্তি অবৈধ বুলি ঘোষণা কৰি অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰা ৭৭১ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ হঠাৎ চাকৰি হেৰুৱাব লগা হোৱাত মূৰত সৰগ ভাগি পৰে এইসকল কৰ্মচাৰীৰ ৷ কিন্তু এই সিদ্ধান্তৰ বিৰোধিতা কৰি অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীসকলে ৰাজ্যজুৰি আৰম্ভ কৰে প্ৰতিবাদ ৷ কিন্তু এইক্ষেত্ৰত কোনো কাণষাৰ নিদিয়াৰ অভিযোগ উঠিছে চৰকাৰ তথা বিভাগৰ বিৰুদ্ধে ৷

লগতে পঢ়ক:AAP press Conference:পৰিবহন নিগমক ব্যক্তিগতকৰণৰ চক্ৰান্তৰ অভিযোগ আপৰ

ABOUT THE AUTHOR

...view details