গুৱাহাটী, ৫ জুন: ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰখন শোষণকাৰী চৰকাৰ । সাধাৰণ মানুহৰ তেজ শুহি খোৱা চৰকাৰ ।’’ এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ । সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই মন্তব্য কৰে (Ripun Bora slams Assam Govt) ৷
তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰখন এখন ডকাইতৰ চৰকাৰ । এই চৰকাৰখনে মানুহক কৰৰ বোজা জাপি দিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তুলিছে (Ripun Bora termed Assam govt as dacoit) ।
ৰিপুন বৰাই পুনৰ কয়, ‘‘ৰাজ্য চৰকাৰে যোৱা মে' মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৩০ পইচাৰ ৭০ পইচালৈ বৃদ্ধি কৰিছে । মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কৈছে যে, বিদ্যুতৰ মাচুল নামমাত্ৰ বৃদ্ধি পাইছে । আমি ক'ব খোজো যে এয়া মুখ্যমন্ত্ৰীৰ বাবে সৰু কথা হ'ব পাৰে । কিন্তু এজন গৰীৱ আৰু নিম্ন মধ্যবিত্ত মানুহৰ বাবে বিদ্যুতৰ মাচুল বৃদ্ধি সৰু কথা নহয় ।’’ (Electricity tariff hike in Assam)
যি সময়ত চৰকাৰে সম্পত্তিৰ কৰ বৃদ্ধি কৰিছে, ঔষধৰ দাম বৃদ্ধি কৰিছে, ৰন্ধন গেছৰ দাম বৃদ্ধি কৰিছে । তেনে সময়ত বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিয়াতো এজন দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ বাবে সহজ নহয় বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছ অসমৰ সভাপতিগৰাকীয়ে (Price Hike in Assam) ।