গুৱাহাটী, 20 অক্টোবৰ : বিজেপি চৰকাৰৰ দিনত ৰাজ্যত ৬ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে ৷ সংখ্যালঘু ছাত্ৰৰ নামত অহা ধনৰ কেলেংকাৰী, ফচল বিমা যোজনাকে আদি কৰি প্ৰায় প্ৰতিটো বিভাগতে সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ এই গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈছিল কংগ্ৰেছ, চিপিআই, চিপিআই (এমএল), এআইইউডিএফ, আঞ্চলিক গণ মৰ্চাৰ যৌথ সংবাদমেল ৷ সংবাদমেলত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ অজিত কুমাৰ ভূঞা, চিপিআই(এম)ৰ দেবেন ভট্টাচাৰ্য, চিপিআই(এমএল)ৰ বিবেক দাস, চিপিআইৰ মুনিন মহন্ত এআইইউডিএফৰ আমিনুল ইছলাম ৷ সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰীকৰণ প্ৰসংগত পশ্চিম বংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আটাইকেইটা বিৰোধী দলে ৷
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মন্তব্য “বিৰোধীয়ে কা বিৰোধ কৰি যাব, বিজেপি চৰকাৰে কা বাতিল নকৰিলে পৰৱৰ্তী সময়ত কা বাতিলৰ নামত পুনৰ আন্দোলনত নামিব আটাইকেইটা দল ৷ বিজেপি চৰকাৰ ভ্ৰষ্টাচাৰী চৰকাৰ ৷ দুৰ্নীতিৰ বিৰুদ্ধে শ্ল’গান দিয়া চৰকাৰ এতিয়া দুৰ্নীতিতেই লিপ্ত হৈছে ৷ এইখন চৰকাৰ ফাঁকিত চলা চৰকাৰ ৷”