অসম

assam

By

Published : Nov 2, 2022, 8:58 PM IST

ETV Bharat / state

Ripun Bora react on new wine shop allocation: গ্ৰামাঞ্চলত সুৰাৰ বিপণীয়ে ধ্বংস কৰিব সমাজ: ৰিপুণ বৰা

গ্ৰামাঞ্চলত সুৰাৰ বিপণী খোলাক লৈ ৰাজ্যজুৰি তুমুল চৰ্চা । ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । এই সন্দৰ্ভত এক টুইটযোগে ক্ষোভ উজাৰি তীব্ৰ বিৰোধিতা কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে(Ripun Bora opposes new liquor vends in rural areas) ।

Ripun Bora opposes new liquor vends in rural areas
গ্ৰামাঞ্চলত সুৰাৰ বিপণীয়ে ধ্বংস কৰিব সমাজ: ৰিপুণ বৰা

গুৱাহাটী,২ নৱেম্বৰ:ৰাজহ অৰ্জনৰ স্বাৰ্থত ৰাজ্যৰ বিজেপি চৰকাৰে গ্ৰামাঞ্চলত সুৰাৰ বিপণী খোলাৰ বাবে যি পৰিকল্পনা গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম তৃণমূল কংগ্ৰেছে(Ripun Bora reaction on new wine shop) ৷ এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই টুইটযোগে ক্ষোভ উজাৰি কয় যে-বিনামূলীয়া আঁচনি তথা কেন্দ্ৰীয় নেতৃত্বক সন্তুষ্ট কৰিবলৈ জাক-জমকীয়া অনুষ্ঠান পাতি ধাৰত পোত যোৱা ৰাজ্যৰ বিজেপি চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে এতিয়া সুৰাৰ আশ্ৰয় লোৱাটো লজ্জাজনক(Ripun Bora opposes new liquor vends in rural areas) ৷

গ্ৰামাঞ্চলত সুৰাৰ বিপণীয়ে ধ্বংস কৰিব সমাজ: ৰিপুণ বৰা

ঋণত পোত যোৱা চৰকাৰখনৰ চকু এতিয়া গ্ৰামাঞ্চলৰ চহা লোকৰ কষ্ট উপাৰ্জিত ধন কেইটাৰ ওপৰত ৷ ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰামাঞ্চলত সুৰাৰ বিপনী খোলাৰ বাবে অনুজ্ঞাপত্ৰ দিবলৈ ওলাইছে ৷ গ্ৰামঞ্চলত সুৰাৰ বিপনীয়ে চহা সমাজ ধ্বংস কৰিব ৷ অতীতৰে পৰা অসমৰ গাঁৱত ৰাইজে সুস্থ-শান্ত আৰু সংস্কৃতিবান সমাজত বাস কৰি আহিছে ৷ যিখন সমাজেই হৈছে অসমীয়া সমাজৰ মান-স্বাভিমান(TMC opposes wine shop license in rural Assam) ৷

কিন্তু ঋণত পোত যোৱা বিজেপি চৰকাৰখনে ৰাজহ বৃদ্ধিৰ বাবে গাঁৱে-ভূঁঞে সুৰাৰ বিপনী খোলাৰ অনুমতি দি গ্ৰাম্য সমাজখনক ধ্বংস কৰিবলৈ ওলাইছে ৷ গ্ৰাম্য সমাজত বিশৃংখলতা বৃদ্ধি পাব ৷ অসম তৃণমূল কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে আৰু প্ৰয়োজনত ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে গ্ৰামাঞ্চলত সুৰাৰ বিপনী খোলাৰ অনুজ্ঞাপত্ৰ দিয়াৰ পৰিকল্পনা সম্পূৰ্ণ কৰি তুলিছে৷ ইতিমধ্যে ইয়াৰ বাবে আবকাৰী বিভাগে নিৰ্দেশনা জাৰি কৰিছে আৰু ইয়াৰ বাবে ৭০০ৰো অধিক আবেদন দাখিল কৰিছে ৷

প্ৰাপ্ত তথ্য মতে-অকল নলবাৰী জিলাৰ গ্ৰামাঞ্চলতে নতুনকৈ ১৭ খন অনুজ্ঞাপত্ৰ দিবলৈ ওলাইছে আবকাৰী বিভাগে ৷ ফলত শিক্ষাৰ নৱদ্বীপ বুলি অভিহিত নলবাৰী জিলাতে সুৰাৰ বিপনীৰ সংখ্যা বৃদ্ধি পাব ৭৪ খনলৈ ৷ কেৱল নলবাৰীয়ে নহয়, চৰকাৰ এই সিদ্ধান্তৰ ফলত সমগ্ৰ ৰাজ্যৰে গ্ৰামাঞ্চল ক্ষতিগ্ৰস্ত হোৱাতো নিশ্চিত বুলি ৰিপুন বৰাই মন্তব্য কৰিছে ।

লগতে পঢ়ক:Cuentos De La Abuela: স্পেনিছ ভাষাতো প্ৰকাশ পালে ৰসৰাজৰ বুঢ়ী আইৰ সাধু

For All Latest Updates

ABOUT THE AUTHOR

...view details