গুৱাহাটী, ২ ছেপ্টেম্বৰঃ কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত মহাজোট গঠনৰ প্ৰক্ৰিয়া ইতিবাচক দিশেৰে আগবাঢ়িছে । ইটিভি ভাৰতৰ আগত বুধবাৰে এই কথা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুণ বৰাই । খুব সোনকালেই এই সন্দৰ্ভত এখন ছবি স্পষ্ট হ'ব বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । ইতিমধ্যে মহাজোট সন্দৰ্ভত বিভিন্ন দল সংগঠনৰ সৈতে কংগ্ৰেছে আলোচনাত বহিছে আৰু সকলোৰে পৰা কংগ্ৰেছে ইতিবাচক সহাৰি লাভ কৰিছে বুলি মত প্ৰকাশ কৰে ।
ইতিবাচক দিশেৰে আগুৱাইছে মহাজোট গঠন প্ৰক্ৰিয়াঃ ৰিপুণ বৰা
ৰাজ্যত মহাজোট গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুণ বৰাৰ ৷ কংগ্ৰেছৰ নেতৃত্বত শীঘ্ৰে মহাজোট গঠন প্ৰক্ৰিয়া ইতিবাচক দিশত আগবাঢ়িছে বুলি মত প্ৰকাশ কৰে ৰিপুণ বৰাই ৷
ইতিবাচক দিশেৰে আগুৱাইছে মহাজোট গঠন প্ৰক্ৰিয়াঃ ৰিপুণ বৰা
আনহাতে, মহাজোট গঠন হ'লেও কংগ্ৰেছে ১২৬ খন আসনৰ ভিতৰত কমেও ৯০ খন আসন নিজৰ হাতত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বাকী ৩৪ খন আসনহে এ আই ইউ ডি এফ বা মহাজোটৰ অন্যান্য অংশীদাৰী দলক কংগ্ৰেছে এৰি দিয়াৰ সম্ভাৱনা আছে বুলিও কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰে ।
লগতে পঢ়কঃ অচিৰেই পৰিৱৰ্তন সাধন হ’ব অসমৰ শিক্ষা বিভাগত