গুৱাহাটী,২৭ মে': "খাৰঘূলি ঘটনাৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগে । এই ঘটনাত মৃত্যুবৰণ কৰা মহিলাগৰাকীৰ পৰিয়ালক মাত্ৰ দুই লাখ টকা দিয়েই দায়িত্ব পালন কৰিলেই নহ'ব । অঞ্চলটোৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সমস্ত ক্ষতিপুৰণ দিয়াটো চৰকাৰৰ দায়িত্ব ।"এই মন্তব্য ৰিপুণ বৰা ।
মহানগৰীৰ জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰি খাৰঘূলিত হোৱা দুৰ্ঘটনাৰ পিচত চৰকাৰে লোৱা স্থিতিৰ কঠোৰ সমালোচনা কৰে (Ripun Bora react on Kharghuli water pipe burst) । সভাপতিগৰাকীয়ে কয় যে খাৰঘূলি ঘটনাৰ নৈতিক দায়িত্ব মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগে । বহুবছৰ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ন মন্ত্ৰী থকাৰ পিচতো পানী যোগান আঁচনি সম্পূৰ্ণ কৰিব নোৱাৰিলে (Water pipe explosion) ।
গেমনৰ নিম্নমানৰ কামৰ বাবে কাম সামৰিলে । কিন্তু তাৰ পাচতো কোনো পদক্ষেপ গ্ৰহণ নহ'ল কিয় বা কিয় কোনো তদন্ত নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ৰিপুণ বৰাই । গেমনৰ বিৰুদ্ধে সেইসময়ৰ GMDA ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । সেইবাবে এই ঘটনাৰ সমস্ত দায়িত্ব বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ল'ব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে বৰাই (Water pipe explosion at Kharghuli) ।