গুৱাহাটী,৪ আগষ্ট :অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি(Assam Pradesh Congress Committee President) পদৰ পৰা বুধবাৰে আনুষ্ঠানিকভাৱে অব্যাহতি ললে ৰিপুন বৰাই (Ripun Bora) ৷ দলৰ সভাপতি পদৰ পৰা অব্যাহতি লোৱাৰ সময়ত নেতাগৰাকীক আবেগিক হৈ পৰা পৰিলক্ষিত হৈছিল ৷ বৰাৰ বিদায়ী ভাষণত প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চ'ৰাত চলি থকা ক্ষমতাকেন্দ্ৰিক সংঘাতৰ স্পষ্ট স্বৰূপ প্ৰতিফলিত হয় ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুন বৰাই বিগত পাঁচ বছৰ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমান্তৰলকৈ নিজৰ চকী ৰক্ষাৰ বাবেও দিব লগা হৈছিল যুঁজ । এই কথা আমি কোৱা নাই । এই কথা কৈছে খোদ ৰিপুন বৰাই । প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি হিচাপে দিয়া ভাষণত বৰাই কয় যে, মই মোৰ সময়ত সন্মুখীন হোৱা পৰিৱেশৰ যাতে নৱ নিযুক্ত সভাপতি ভূপেন বৰাই সন্মুখীন নহয় তাৰেই কামনা কৰিছো । মোৰ সময়ত হোৱা বুৰঞ্জীৰ যাতে পুনৰাবৃত্তি নহয় ।
তেওঁ লগতে কয় যে, মই এফালে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে আনফালে গাদী তথা চকী ৰক্ষাৰ বাবে যুঁজ দিবলগীয়া হৈছিল । গাদী ৰক্ষাৰ বাবে বাৰে বাৰে যুঁজিব লগা হৈছিল । তেনে পৰিস্থিতিৰ যাতে ভূপেন বৰাই সন্মুখীন নহয় তাৰেই কামনা কৰিছো ।