অসম

assam

ETV Bharat / state

Ripun Bora criticizes Assam CM: মিঞা বিতৰ্কত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰিপুন বৰা

মুখ্যমন্ত্ৰীয়ে মিঞা সম্পৰ্কত কৰা সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰিপুন বৰাই ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা গ্ৰহণৰ দাবীৰে উচ্চতম ন্যায়ালয়লৈ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ পত্ৰ ৷

By

Published : Jul 17, 2023, 6:44 PM IST

Updated : Jul 17, 2023, 7:58 PM IST

ripun bora hold a press meet
হিমন্ত বিশ্ব শৰ্মাই মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে আগবঢ়োৱা মন্তব্য

সংবাদমেল

গুৱাহাটী, ১৭ জুলাই :মহানগৰীৰ জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখনি সংবাদমেলৰ আয়োজন কৰা হয় । সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । হিমন্ত বিশ্ব শৰ্মাই মিঞা আৰু অসমীয়াক লৈ কৰা সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰিপুন বৰাই । শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে আগবঢ়োৱা মন্তব্যই সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবীত সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে মিঞা সন্দৰ্ভত এক বিৰূপ মন্তব্য কৰিছিল ৷ তেওঁ কৈছিল যে "অসমৰ প্ৰতিটো ক্ষেত্ৰ মিঞাই দখল কৰিছে । অতি শীঘ্ৰে মিঞাৰ হাতৰ পৰা প্ৰতিটো ক্ষেত্ৰৰ কাম কাঢ়ি আনিব লাগে অসমীয়াই" । ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, ‘অসমীয়া ল’ৰা ওলাই আহিলে এবছৰৰ ভিতৰত মিঞাক ক্লিন কৰি দিম’ ৷ দেখদেখকৈ এয়া সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্য । এই মন্তব্যই মিঞা আৰু অসমীয়াৰ মাজত সাম্প্ৰদায়িক বিদ্বেষৰ ভাৱ সৃষ্টি কৰি সংঘৰ্ষৰ সূচনা পৰ্যন্ত সৃষ্টি হোৱাৰ সম্ভাৱনা জাগ্ৰত কৰিব । এয়া গৰিহণাৰ যোগ্য, অযুক্তিকৰ তথা সংবিধান বিৰোধী ।

মুখ্যমন্ত্ৰী এই মন্তব্যৰ সম্পৰ্কত ৰিপুন বৰাই কয় যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই দেশৰ লগতে আন্তৰ্জাতিক পৰ্যায়ত তোলপাৰ লগাইছে । উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ভাৰতীয় দণ্ডবিধিৰ 153 A ক অমান্য কৰিছে মুখ্যমন্ত্ৰীয়ে । তেওঁৰ এনে বক্তব্যই দুই সম্প্ৰদায়ৰ মাজত ঘৃণা আৰু শত্ৰুতাৰ মনোভাৱ বৃদ্ধি কৰিছে । সাম্প্ৰদায়িক বিষপাষ্প বিয়পোৱা যিকোনো ধৰণৰ মন্তব্য দিলে ন্যায়ালয়ে লগে লগে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিল । উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি ঘৃণা বিয়পোৱা মন্তব্য দিয়া ব্যক্তিৰ বিৰুদ্ধে কোনো এজাহাৰ দাখিল নহ'লেও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে । কিন্তু বক্তব্য প্ৰদানৰ ৫ দিন উকলি যোৱাৰ পাছতো অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । এয়া খুবেই দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰ তেওঁ ৷

অসম আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আজি এই সন্দৰ্ভত আইন অনুযায়ী পদক্ষেপ লোৱাৰ অনুৰোধ জনাই ই-মেইলযোগে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা সংবাদমেলত সদৰি কৰে । ইতিমধ্যে এই আবেদন গ্ৰহণ কৰিছে ন্যায়ালয়ে । মুখ্যমন্ত্ৰীৰ ওপৰত ব্যৱস্থা লোৱাৰ লগতে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আৰক্ষী সঞ্চালক প্ৰধানকো অভিযুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

লগতে পঢ়ক :Assam CM slams Delhi govt: আন ৰাজ্যক দোষাৰোপ কৰিলে দিল্লীৰ বান সমস্যা সমাধান নহয়; হিমন্ত বিশ্ব শৰ্মা

Last Updated : Jul 17, 2023, 7:58 PM IST

ABOUT THE AUTHOR

...view details