অসম

assam

ETV Bharat / state

বিজেপি চৰকাৰক মিথ্যাচাৰী আখ্যা ৰিপুন বৰাৰ - গ্ৰাম্য সবলীকৰণ আঁচনি

বিজেপি চৰকাৰৰ ২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাজেটকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতি ৰিপুন বৰাৰ ৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰ খনে ঘোষণা কৰা গৰিষ্ঠ সংখ্যক আঁচনিক মিথ্যাচাৰ বুলি আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

ripun bora's press meet
ripun bora's press meet

By

Published : Oct 30, 2020, 5:19 PM IST

গুৱাহাটী, 30 অক্টোৱৰ : ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল ৷ বিজেপি চৰকাৰৰ ২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাজেটকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ সভাপতি ৰিপুন বৰাৰ ৷ “২০১৬-১৭ বৰ্ষৰ বাজেটত সমগ্ৰ ৰাজ্যত ২৫ টা কোষাগাৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে ৷ কিন্তু কাৰ্যক্ষেত্ৰত মাত্ৰ এটা কোষাগাৰ নিৰ্মাণ হোৱাৰ পৰিৱৰ্তে আন এটা কোষাগাৰৰ মাত্ৰ ফলকখনহে লাগিল ৷ ইয়াৰ লগতে বৰ্তমানৰ চৰকাৰ খনে ২০১৬-১৭ বিত্তীয় বৰ্ষত মুঠ বাজেটৰ ৩০ শতাংশ পুঁজি ব্যয় কৰাত ব্যৰ্থ হৈছিল ৷ ” বুলি প্ৰতিক্ৰিয়া প্ৰকাশ বৰাৰ ৷

ৰিপুন বৰাৰ সংবাদমেল

আৰক্ষী থানা সমূহৰ আধুনিকীকৰণ কৰা প্ৰসংগতো ৰিপুন বৰাই কয় যে, “আৰক্ষী থানাৰ আধুনিকীকৰণৰ নামত চৰকাৰে মাথো ভেকো-ভাৱনাহে চলালে ৷ খোদ গুৱাহাটী মহানগৰীৰে গীতানগৰ, সাতগাঁও, প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানালৈ চালেই ইয়াৰ উদাহৰণ পোৱা যায় ৷ ৰাজ্যৰ ৩৪৫ খন থানাৰ প্ৰতিখন থানাৰ আন্তঃগাঁথনি আদি উন্নয়নৰ নামত ধাৰ্য কৰা ধন ক’ত ব্যয় কৰিলে বুলি সংবাদমেলত কটাক্ষ ৰিপুন বৰাৰ ৷

বিজেপি চৰকাৰক মিথ্যাচাৰী আখ্যা ৰিপুন বৰাৰ

সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰামোন্নয়ন যোজনাৰ অধীনতো গ্ৰাম্য সবলীকৰণ আঁচনিৰ নামত ২৫,৪২৫ খন গাঁও সামৰি লৈছিল ৷ প্ৰতিখন গাঁও উন্নয়নৰ নামত ধাৰ্য কৰা ১কোটি ২০ লাখ টকা ক’লৈ গ’ল বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ ৷ উল্লেখ্য যে, উক্ত আঁচনিৰ অধীনত ২৫,৪২৫ খন গাঁৱৰ মাত্ৰ ৩৪৬৭ খন গাঁৱৰ কৃষকসকলৰ মাজত মাথো ৩৪৬৭ খন পাৱাৰ টিলাৰ আৰু ৬৩৫০ খন ট্ৰেক্টৰহে বিতৰণ কৰিলে বুলি সংবাদমেলত জানিবলৈ দিলে ৰিপুন বৰাই ৷

ইয়াৰ উপৰিও শাসনাধিষ্ঠিত বিজেপি চৰকাৰ খনে ঘোষণা কৰা গৰিষ্ঠ সংখ্যক আঁচনি যেনে স্মাৰ্ট চিটি, আদৰ্শ চিকিৎসালয় স্থাপন, ২১ খন পলিটেকনিক স্থাপন, সৌৰ ফলক আঁচনি আদি সকলো চৰকাৰখনৰ মিথ্যাচাৰ বুলি আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

লগতে পঢ়ক :অসমৰ মাটি ৰক্ষাত ব্যৰ্থ হৈছে চৰকাৰ : প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ

ABOUT THE AUTHOR

...view details