গুৱাহাটী, ১৯ এপ্ৰিল: ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰে এক সংবাদমেল(Rajya Sabha MP Ajit Bhuyan's press conference) । সংবাদমেলত ভূঞাৰ মুখত ৰিপুন বৰাৰ প্ৰসংগ । ৰিপুন বৰাৰ সিদ্ধান্তক ভুল আৰু দুৰ্ভাগ্যজনক আখ্যা দিলে সাংসদগৰাকীয়ে ।
গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলখনত ৰিপুন বৰাৰ প্ৰসংগত তেওঁ কয় যে ৰিপুন বৰাই ছাগে অন্য কিবা বিছাৰিছে (Ripun Bora resigned from congress) । কংগ্ৰেছে ৰিপুন বৰাক বহুখিনি দিলে কিন্তু ৰাইজে বৰাক বিশ্বাসত নল’লে বুলিও মন্তব্য অজিত ভূঞাৰ । জয়ী হ'ব নোৱাৰাৰ বাবে ৰিপুন বৰাই একমাত্ৰ দায়ী বুলি দাবী কৰে ভূঞাই ।