অসম

assam

দুই নেতাৰ বাকযুদ্ধ তুংগত: এইবাৰ হিমন্তক প্ৰত্যাহ্বান ৰিপুণ বৰাৰ

By

Published : Nov 9, 2020, 9:15 PM IST

তুংগত উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বাকযুদ্ধ ৷ বিত্ত মন্ত্ৰীক বিছাৰিলে ২০১৬ চনৰ পৰা চলিত বৰ্ষলৈকে বাজেটত দিয়া প্ৰতিশ্ৰুতি সমূহৰ খতিয়ান ৷ চাৰে চাৰি বছৰীয়া কাৰ্যকালত বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰতিশ্ৰুতি দি কাৰ্যত পৰিণত নকৰা কামৰ হিচাব দাঙি ধৰিলে ৰিপুণ বৰাই ৷

দুই নেতাৰ বাকযুদ্ধ তুংগত: এইবাৰ হিমন্তক প্ৰত্যাহ্বান ৰিপুণ বৰাৰ
দুই নেতাৰ বাকযুদ্ধ তুংগত: এইবাৰ হিমন্তক প্ৰত্যাহ্বান ৰিপুণ বৰাৰ

গুৱাহাটী, 9 নৱেম্বৰ: বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বাজেটত কৰা ঘোষণাৰ কিমান কাৰ্যকৰী কৰিলে তাৰ হিচাপ দিবলৈ সাজু বুলি বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছত সোমবাৰে মন্ত্ৰীগৰাকীক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । মন্ত্ৰীগৰাকীলৈ আজি তেওঁ এখন পত্ৰও প্ৰেৰণ কৰে । সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এখন সংবাদ মেলত ভাগ লৈ বৰাই কয় যে ২০১৬ চনৰ পৰা চলিত বৰ্ষলৈকে বাজেটত দিয়া প্ৰতিশ্ৰুতি সমূহ কিমান কাৰ্যকৰী হ'ল সেই বিষয়ে বিত্ত মন্ত্ৰীয়ে ৰাজহুৱাকৈ খতিয়ান দিয়ক ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যহ্বান ৰিপুণ বৰাৰ

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, ব্ৰহ্মপুত্ৰ খনন, সোণাপুৰত বিজ্ঞান নগৰী স্থাপন, কুৰুৱা আৰু নাৰেংগীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং সহ উত্তৰ পাৰত চাংসাৰিৰ পৰা কুৰুৱালৈকে এক বিকল্প চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দৰে বাজেট ঘোষণাবোৰ কত হেৰাল বুলি তেওঁ প্ৰশ্ন তোলে ।

একেদৰে, প্ৰতিগৰাকী গৰ্ভৱতী চাহকৰ্মীক বাৰশ টকাকৈ দিয়া, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আৰ্হিত অসমত এখন ৰাজ্যিক নাট্য বিদ্যালয় স্থাপনৰ বাবে বাজেটত দিয়া প্ৰতিশ্ৰুতি কলৈ গ'ল ? বাজেটত ঘোষণা কৰা হৈছিল যে অনলাইন চিলিং ব্যৱস্থা প্ৰবৰ্তন কৰা হ'ব । কিন্তু সেয়া ইতিমধ্যে অসাৰ প্ৰতিপন্ন হৈছে । কাঠৰ দলং পকীকৰণৰ কথা কোৱা হৈছিল বাজেটত । কিন্তু ইয়াৰ বাবে প্ৰয়োজনীয় এশ কোটি টকা বিত্ত বিভাগে মোকলাই নিদিলে । সংবাদমেলত এনেধৰণৰ প্ৰায় ৩৩ টা বাজেট ব্যৰ্থতা দাঙি ধৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:বিজেপি নেত্ৰীৰ বিৰুদ্ধে আৰক্ষী বিষয়াক প্ৰহাৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details