অসম

assam

ETV Bharat / state

অসমৰ চাহ শিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ - প্ৰতিশ্ৰুতি

দেশৰ সংকটজনক অৰ্থব্যৱস্থাই আঘাত দিছে অসমৰ চাহ শিল্পক ৷ অসমৰ চাহ শিল্পক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰক 100 কোটি টকাৰ সাহায্যৰ পেকেজ প্ৰদান কৰাৰ দাবী ৰিপুন বৰাৰ

অসমৰ চাহ শিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ

By

Published : Aug 26, 2019, 6:52 PM IST

গুৱাহাটী, 26 আগষ্ট : বিজেপি চৰকাৰে অসমৰ চাহ শিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। নিৰ্বাচনৰ পূৰ্বে চাহ শিল্পৰ লগত জড়িত শ্ৰমিক সকলক বহু ভুৱা প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷ দেশৰ সংকটজনক অৰ্থব্যৱস্থাই অসমৰ চাহ শিল্পৰ ওপৰত বেয়াকৈ আঘাত হানিছে বুলিও মন্তব্য কৰে কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকীয়ে ৷

অসমৰ চাহ শিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ

‘‘চাহ উদ্যোগে বৰ্তমান সন্মুখীন হোৱা দুৰৱস্থাৰ ফলত মালিক পক্ষই এইবাৰ শ্ৰমিকসকলক 20 শতাংশৰ পৰিৱৰ্তে 8.3 শতাংশ বোনাচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । চাহ উদ্যোগৰ এই বিপদৰ সময়ত চাহ শ্ৰমিকৰ উন্নয়নৰ কথা কোৱা চৰকাৰখনে শ্ৰমিক সকলক 20 শতাংশ বোনাচ প্ৰদানৰ চেষ্টা কৰাৰ পৰিৱৰ্তে শ্ৰমিকসকলৰ প্ৰতিবাদ ৰোধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিছে । বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলৰ মজুৰি 315 টকা নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে ইয়াক কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিজেপিয়ে চাহ শ্ৰমিকসকলৰ 1500 টকীয়া মবাইল প্ৰদান কৰি চাহ বাগান সমূহত অকল বিজেপিৰ নেটৱৰ্ক বৃদ্ধি কৰিছে ।’’ অসমৰ চাহ শিল্পক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰে 100 কোটি টকাৰ সাহায্যৰ পেকেজ প্ৰদান কৰাৰ দাবী জনাই ৰিপুন বৰাই । বৰাই এক সংবাদমেলযোগে বিজেপি চৰকাৰখনে চাহ শ্ৰমিকসকলক প্ৰদান কৰা বিভিন্ন প্ৰতিশ্ৰুতি আঙুলিয়াই চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ।

ABOUT THE AUTHOR

...view details